মস্কোত নামিয়েই দেখিলো প্ৰচণ্ড ভিৰ৷ বিমানবন্দৰত অসংখ্য যাত্ৰী৷ দৌৰা-ঢপৰাৰ শেষ নাই৷ অলপ অবাকো হ’লো৷ মই ৰাছিয়ালৈ আহিছো এনে এটা সময়ত যিসময়ত ইয়াত যুদ্ধৰ এটা আবহাৱা আছে৷ আতংকও আছে কিছুপৰিমাণে৷ তেন্তে এয়াৰপৰ্টত ইমান ভিৰ কিহৰ? ৰ’ব, আপুনি ভুল নুবুজিব৷ এয়া ৰাছিয়ালৈ অহা টুৰিষ্ট নহয়৷ মানে বিদেশী পৰ্যটকেৰে মস্কোৰ বিমানবন্দৰ ভৰি পৰা নাই৷ এই সময়ত ৰাছিয়ায়ো পৰ্যটকক সিমানকৈ দেশখনলৈ আহিবলৈ উৎসাহিত কৰা নাই৷ অন্ততঃ যোৱা ২৪ ফেব্ৰুৱাৰীৰ পাছৰ পৰা তেনে অৱস্থাই চলি আছে৷ তাৰ মাজত বিমানবন্দৰত ইমান শশব্যস্ত যাত্ৰীক্ক উমান লৈ বুজিলো এওঁলোক ৰাছিয়ালৈ অহা বিদেশী যাত্ৰী নহয়৷ ৰাছিয়াৰ পৰা ভিন ভিন দেশলৈ উৰা মাৰিবলৈ অহা তেওঁলোক সকলো ৰাছিয়ান৷ অধিকাংশ যাত্ৰীয়েই শক্ত-সমৰ্থ বা সুন্দৰ-সুঠাম ডেকা ল’ৰা৷ ব্যগ্ৰ মুখাৱয়ব, উদভ্ৰান্তৰ দৰে চেহেৰা আৰু অবিন্যস্ত চুলি৷ সামান্য বিহ৩লপ্ৰায়৷ হাতৰ ট্ৰলীত কেইবাটাও বেগ জাপি বৰ্ডিং পাছ ল’বলৈ এয়াৰলাইন্সৰ কাউণ্টাৰৰ দিশে ধাবমান এই যুৱকৰ দল৷ যেন বৰ্ডিং পাছটো লৈ কোনোমতে বিদেশ অভিমুখী বিমানখনত বহিব পাৰিলেই ৰক্ষা পৰে৷ শুনিলো, যোৱা ২১ ছেপ্টেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দেশৰ ২০ লাখ সংৰক্ষিত সেনাৰ পৰা ইউক্ৰেইনৰ যুদ্ধত নমাবলৈ অতিৰিক্ত তিনি লাখ সেনা যোগাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছৰ পৰাই এই অৱস্থা আৰম্ভ হৈছে৷ পুটিনৰ অমোঘ ঘোষণাত সন্ত্ৰস্ত দেশৰ তৰুণে সেয়ে দেশ এৰি পলোৱাৰ উদ্যোগ লৈছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ দ্ৰুত আৰু সফল সামৰণি মাৰিবলৈ পুটিন বদ্ধপৰিকৰ৷ কিন্তু দেশৰ নাগৰিকৰ যুদ্ধক্ষেত্ৰলৈ যাবলৈ অনীহা৷ এই দুই বৈপ্যৰীত্যৰ মাজত এতিয়া দেশৰ বিমানবন্দৰত ৰাছিয়াৰ যাত্ৰীৰ ভিৰ৷ পাছত দেখিলো ছেইণ্ট পিটাছবাৰ্গ আৰু কুস্কৰ্ বিমানবন্দৰতো একেই পৰিবেশ৷ সকলোৱেই ৰাছিয়া এৰি যাবলৈ ব্যগ্ৰ৷ ইয়াৰ ফলত ৰাছিয়াৰ পৰা মধ্যপ্ৰাচ্যৰ দেশলৈ যোৱা বিমানৰ ‘ৱান-ৱে’ টিকটৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ যাও বুলিলেও যোৱাটো সহজ নহয়৷ সাধাৰণতে ৰাছিয়াৰ পৰা ডুবাই কিম্বা মধ্যপ্ৰাচ্যৰ আন দেশলৈ ‘ৱান-ৱে’ টিকটৰ যি মূল্য, সেয়া এতিয়া এক লাখ ৰুবল হৈছেগৈ৷ তুৰস্ক, ছাৰ্বিয়া ইত্যাদি দেশলৈ যোৱা ৰাছিয়ান যাত্ৰীৰ সৈতে তাল মিলাই ভাৰা বাঢ়িছে বিমানৰ৷ জৰ্জিয়া আৰু ফিনলেণ্ডলৈ বহু ৰাছিয়ান নাগৰিকে নিজে গাড়ী চলাই গুছি গৈছে৷ বহুতেই ৰাছিয়াৰ সীমান্তৱৰ্তী বাল্টিক দেশ এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়ালৈ পলাই যোৱাৰ চেষ্টা কৰিছে৷ কিয়নো ইউৰোপৰ অধিকাংশ দেশৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াৰ বিমান চলাচল বন্ধ৷ বন্ধ এতিয়াও অব্যাহত আছে৷ পৰিস্থিতি বেগতিক দেখি প্ৰতিবেশী আৰ্মেনিয়া, আজেৰবাইজান, জাৰ্জিয়া, কাজাখস্তানলৈ বিমানৰ টিকট কাটিছে ৰাছিয়ানে৷ তাৰ পৰা তেওঁলোকে নিজা নিজ পচন্দৰ দেশৰ বিমান ধৰিব৷ বাতৰি ওলাইছিল, এনেদৰে ‘দেশ ত্যাগ’ বন্ধ কৰিবলৈ ৰাছিয়াৰ প্ৰশাসনে ১৮ৰ পৰা ৬৫ বছৰীয়া পুৰুষৰ বিদেশলৈ যোৱা বন্ধ কৰিছে৷ কিন্তু দেখিলো, বিমানবন্দৰত ৰাছিয়াৰ পৰা ওলাই যাবলৈ লোৱা সকলো যাত্ৰীয়েই তৰুণ, শক্তিশালী যুৱক৷ অৱশ্যে ৰাছিয়াত যিকোনো সময়তে সামৰিক শাসন জাৰি হ’ব বুলি আশংকা কৰি অনেক প্ৰবীনেও ‘দেশত্যাগ’ কৰিছে৷ 

যিটো সময়ত ৰাছিয়াত নিজৰ দেশৰ নাগৰিকৰ মাজত আতংক, ঠিক সেই সময়তে মই ৰাছিয়াত৷ এতিয়া মই ছেইণ্ট পিটাছবাৰ্গৰ পৰা প্ৰায় আঢ়ৈশ কিলোমিটাৰ দূৰৰ প্‌স্বভত৷ ১১ মাহ পূৰ্বে ক’ভিড অতিমাৰীৰ শেষ পৰ্যায়ত ৰাছিয়ালৈ আহিছিলো৷ মস্কো, ছেইণ্ট পিটাছবাৰ্গ দুয়োখন চহৰলৈ৷ কিন্তু ১১ মাহৰ বিৰতিৰ ৰাছিয়াৰ পাৰ্থক্য বিস্তৰ৷ বতৰ, গছৰ ৰঙচুৱা পাতৰ বৰণ একেই৷ শৰতৰ ৰঙচুৱা মেপল গছৰ পাত, সহ্য কৰিব পৰা শীত৷ পাৰ্থক্য আন ঠাইত৷ কিছুমান চকুৰে দেখা, আন কিছুমান নেদেখা৷ নেদেখাবোৰো কিন্তু অনুভৱ কৰিব পাৰি৷ ৰাছিয়াত নামিয়েই দেখিলো, ছাইনব’ৰ্ড-হৰ্ডিঙত ইংৰাজী আখৰ নাই৷ মানে ৰোমান লিপি এইবাৰ ধুই-মছি পেলাইছে পুটিনৰ চৰকাৰে, একেবাৰে চিন মোকাম নোহোৱাকৈ৷ তাৰ ঠাইত সৰ্বদিশে ৰাছিয়ান আখৰ আৰু দুৰ্বোধ্য৷ অথচ এঘাৰ মাহৰ আগলৈকে বিমানবন্দৰ, ৰে’ল ষ্টেচন, ৰাজহুৱা স্থানত কিম্বা পথ নিৰ্দেশনাত ৰাছিয়ান ভাষাৰ লগতে ইংৰাজীও আছিল, যিকোনো আগন্তুকে বুজিব পৰাকৈ৷ এইবাৰ সেয়া অদৃশ্য, সমুলঞ্চে৷ 

আৰু আপুনি লৈ অহা কোনো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এতিয়া ৰাছিয়াত নচলে৷ কিয় জানেনে? আপোনাৰ, মোৰ হাতত থকা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ ‘পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ’ আমেৰিকান৷ মানে ভিছা, মাষ্টাৰ ইত্যাদি আমেৰিকান কোম্পানী৷ এতিয়া ৰাছিয়াত ভিছা, মাষ্টাৰ ‘পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ’ সমুলি নিষিদ্ধ, কোনো স্থান নাই৷ সেয়ে আপোনাৰ কাৰ্ডো অচল ৰাছিয়াৰ ভূমিখণ্ডৰ ভিতৰত৷ যদি ইয়াত কোনোধৰণৰ লেনদেন কৰিবলগীয়া হয়, তেন্তে সেয়া হ’ব সম্পূৰ্ণ ৰাছিয়ান ‘পেমেণ্ট নেটৱৰ্কক অপাৰেটৰ’ৰ দ্বাৰা আৰু ৰাছিয়াৰ পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ হৈছে ‘এম আই আৰ’৷ ‘এম আই আৰ’ৰ দ্বাৰা পৰিচালিত ব্যৱস্থাৰ ডেবিট, ক্ৰেডিট কাৰ্ড ইয়াত সচল, বাকীবোৰ– বিশেষকৈ আমেৰিকান বিকল৷ পূৰ্বৰ দৰে চহৰৰ ভিতৰত এতিয়া ‘কাৰেন্সি এক্সচেঞ্জ’ কাউণ্টাৰ প্ৰাচূৰ্য নাই৷ কাৰণ ৰাছিয়াত এতিয়া মাৰ্কিন ডলাৰ, ইউৰো নচলে৷ চলে যদি কেৱল ৰুবল৷ বাহিৰৰ পৰা অভ্যাগতে ডলাৰ, ইউৰো লৈ অহাটোও ৰাছিয়াৰ চৰকাৰে পচন্দ নকৰে৷ আহিলে ৰুবল লৈ আহক, নহ’লে নাই৷ ইয়াত কেৱল ৰুবলহে চলিব৷ ইয়াত এইবাৰ নাই বিদেশী ‘টেলিকম ছাৰ্ভিচ প্ৰভাইডাৰ’ৰ সেৱাও৷ মোৰ ‘ইউ কে অৰিজিন’ ভ’ডাফোনৰ সেৱা ৰাছিয়াত বন্ধ৷ সম্পূৰ্ণৰূপে বন্ধ৷ ইণ্টাৰনেচনেল ৰ’মিং দূৰঅস্ত, আনকি হোৱাটছএপ ছাৰ্ভিচটো ব্যৱহাৰ কৰিবলৈ এইবাৰ মই ৰাছিয়ান ছিম ফোনত লগাবলগীয়া হৈছে৷ তেতিয়াহে কোনোমতে যোগাযোগ সম্ভৱ হৈছে ।