গোলাঘাটত প্ৰখ্যাত কথা বাচক স্বামী শ্ৰী গীৰিশানন্দ মহৰাজে প্ৰভু শ্ৰী হনুমানৰ চৰিত্ৰ বৰ্ণনা অনুষ্ঠান
বৃহস্পিবাৰে গোলাঘাট নগৰ স্থিত মহেশ্বৰী ভবনত শালমৰা ছাহ বাগিছা উদ্যোগত অনুষ্ঠিত এখনি আধ্যাত্মিক অনুষ্ঠানত ভাৰত বৰ্ষৰ অন্যতম প্ৰখ্যাত কথা বাচক স্বামী শ্ৰী গীৰিশানন্দ মহৰাজ দেৱে প্ৰভু শ্ৰী হনুমানৰ চৰিত্ৰৰ সম্পৰ্কে বৰ্ণনা কৰে। এই অনুষ্ঠানত গোলাঘাট জিলাৰ লগতে অন্য প্ৰান্তৰ লোকে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হল। উল্লেখযোগ্য যে স্বামী শ্ৰী গীৰিশানান্দ মহাৰাজ দেৱ মধ্যপ্ৰদেশৰ জবলপূৰ পৰা এদিনীয়া কাৰ্যসূচীৰে আহিছে।