লংকাত স্থানীয় লোকক দুব্যৱহাৰ কৰাৰ অভিযোগত হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন।

এজন স্কুটী আৰোহীয়ে লংকা- নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত প্ৰত্যক্ষ কৰি খেদি-খেদি মাৰপিট কৰাৰ অভিযোগ।স্কুটীখনৰ চালক বাপন শীলৰ লগতে বয়োবৃদ্ধ পিতৃ গান্ধীৰাম শীলক মাৰপিট কৰাৰ অভিযোগ। লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনাটো।সেইসময়ত দুয়োজন প্ৰশাসনিক বিষয়া সুৰামত্ত হৈ থকাৰ অভিযোগ উথ্বাপন হৈছে।এই সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছিল চিচি টিভি কেমেৰাত।পৰৱতী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্তক চিকিৎসালয়লৈ লৈ আনে।