মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত আজি দ্বিতীয় বাৰলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। মাধৱদেৱ মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয় ৰুপে ঘোষণা কৰা সম্প্ৰতি চাৰিটা বছৰ অতিক্ৰম কৰিলে যদিও চৰকাৰে আজিপৰ্য্যন্ত স্নাতকোত্তৰ শিক্ষা আৰম্ভ কৰিব পৰা নাই ৷ ফলত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি দ্বিতীয় বাৰলৈ বিশ্ববিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত ছাত্ৰ সমাজ সমবেত হৈ চৰকাৰ আৰু উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰী সকলে। প্ৰতিবাদী ছাত্ৰ সমাজৰ সৈতে সহযোগিতা কৰে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই ৷ মুখপাত্ৰগৰাকীয়ে মহাপুৰুষ মাধৱদেৱ নামেৰে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় খনৰ শেহতীয়া স্থিতি সম্পৰ্কে হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনত জগৰীয়া কৰাৰ লগতে তীব্ৰ সমালোচনা কৰে ৷ ছাত্ৰ সমাজৰ প্ৰতিবাদ ন্যাৰ্য প্ৰতিবাদ আখ্যাৰে প্ৰতিটো সময়ত ছাত্ৰ সমাজৰ সৈতে সহযোগিতা কৰাৰ আশ্বাস দিয়ে নেত্ৰীগৰাকীয়ে ৷ আনহাতে বিশ্ববিদ্যালয় খনৰ পাঠদান শুভাৰম্ভ নকৰা পৰ্যন্ত সময়ে সময়ে প্ৰতিবাদ কৰি যাব বুলি জানিবলৈ দিয়াৰ লগতে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিবলৈ আৰু বিধানসভাত বিষয়টো সজোৰে উত্থাপন কৰিবলৈ স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়ক অখিল গগৈলৈ আহ্বান জনায় ৷ তাৰোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাকো বিষয়টোৰ ক্ষেত্ৰত মাত মাতিবলৈ প্ৰতিবাদস্থলীৰ পৰা ছাত্ৰসমাজে আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ગરબાડા  તાલુકા દેવધા નજીક એક મહાકાય  વડલા નું વૃક્ષ ધરસાય થતા વાહન વ્યહવાર ઠપ 
 
                      ગરબાડા તાલુકા દેવધા નજીક એક મહાકાય વડલા નું વૃક્ષ ધરસાય થતા વાહન વ્યહવાર ઠપ
                  
   ડીસામાં હવામાન પલ્ટા સાથે કમોસમી વરસાદની આગાહી 
 
                      ડીસા સહિત સમગ્ર બનાસકાંઠા જિલ્લામાં હવામાન વિભાગે આગામી ત્રણ દિવસમાં વાતાવરણમાં પલટા સાથે કરેલી...
                  
   
  
  
  
  
   
  