মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত আজি দ্বিতীয় বাৰলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। মাধৱদেৱ মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয় ৰুপে ঘোষণা কৰা সম্প্ৰতি চাৰিটা বছৰ অতিক্ৰম কৰিলে যদিও চৰকাৰে আজিপৰ্য্যন্ত স্নাতকোত্তৰ শিক্ষা আৰম্ভ কৰিব পৰা নাই ৷ ফলত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি দ্বিতীয় বাৰলৈ বিশ্ববিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত ছাত্ৰ সমাজ সমবেত হৈ চৰকাৰ আৰু উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰী সকলে। প্ৰতিবাদী ছাত্ৰ সমাজৰ সৈতে সহযোগিতা কৰে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই ৷ মুখপাত্ৰগৰাকীয়ে মহাপুৰুষ মাধৱদেৱ নামেৰে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় খনৰ শেহতীয়া স্থিতি সম্পৰ্কে হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনত জগৰীয়া কৰাৰ লগতে তীব্ৰ সমালোচনা কৰে ৷ ছাত্ৰ সমাজৰ প্ৰতিবাদ ন্যাৰ্য প্ৰতিবাদ আখ্যাৰে প্ৰতিটো সময়ত ছাত্ৰ সমাজৰ সৈতে সহযোগিতা কৰাৰ আশ্বাস দিয়ে নেত্ৰীগৰাকীয়ে ৷ আনহাতে বিশ্ববিদ্যালয় খনৰ পাঠদান শুভাৰম্ভ নকৰা পৰ্যন্ত সময়ে সময়ে প্ৰতিবাদ কৰি যাব বুলি জানিবলৈ দিয়াৰ লগতে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিবলৈ আৰু বিধানসভাত বিষয়টো সজোৰে উত্থাপন কৰিবলৈ স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়ক অখিল গগৈলৈ আহ্বান জনায় ৷ তাৰোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাকো বিষয়টোৰ ক্ষেত্ৰত মাত মাতিবলৈ প্ৰতিবাদস্থলীৰ পৰা ছাত্ৰসমাজে আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Shivraj Singh Chauhan पर 9 साल पहले Modi ने जो चाहा वही होगा? CM की कुर्सी जाने के पीछे का खेल
Shivraj Singh Chauhan पर 9 साल पहले Modi ने जो चाहा वही होगा? CM की कुर्सी जाने के पीछे का खेल
પરીક્ષા પે ચર્ચા કાર્યક્રમ યોજાયો...
પરીક્ષા પે ચર્ચા કાર્યક્રમ યોજાયો...
কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও বিজেপিয়ে ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াছ কুজুৰক আদৰি আনে।
কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও বিজেপিয়ে ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াছ কুজুৰক আদৰি আনে।
ભાભર શહેર માં કોંગ્રસની ભવ્ય મહારેલી માં જનમેદની ઉમટી
ભાભર શહેર માં કોંગ્રસની ભવ્ય મહારેલી માં જનમેદની ઉમટી
#Dahod | આમ આદમી પાર્ટીના ઉમેદવાર ભરતભાઈ વાખડાંએ ઉમેદવારી ફોર્મ ભર્યું | Divyang News
#Dahod | આમ આદમી પાર્ટીના ઉમેદવાર ભરતભાઈ વાખડાંએ ઉમેદવારી ફોર્મ ભર્યું | Divyang News