যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপি চৰকাৰে কাম-কাজ আগুৱাই নিছে, সেই সময়তে শাসকীয় দলটোৰ অভ্যন্তৰত উমি উমি জ্বলিছে ক্ষোভৰ জুই৷ দলটোৰ সভাপতি ভৱেশ কলিতাৰ দুৰ্বল স্থিতিত এক প্ৰকাৰে লেকামবিহীন হৈ পৰিছে বিজেপিৰ একাংশ বিধায়ক, নেতা৷ মন গলেই এতিয়া একাংশ বিধায়কে মন্ত্ৰীক তুচ্ছ তাচ্ছল্য কৰে বা মন্ত্ৰীয়ে বিধায়কক ভেঙুচালি কৰে৷ মন্ত্ৰীক অকৰ্মণ্য আখ্যা দি তেওঁৰ পদত্যাগৰ দাবী তোলা এতিয়া বিজেপিৰ অভ্যন্তৰত প্ৰত্যক্ষ কৰা কেতবোৰ চিৰাচৰিত ঘটনা৷ বহুতেই আকৌ নিজৰ চৰকাৰৰ নীতিকে সমালোচনা কৰি সৰব হৈছে সামাজিক মাধ্যমত, নিলম্বিত হৈছে বিজেপিৰ পৰা৷ উল্লেখ্য যে ৰঙিয়াৰ নিজ সমষ্টিৰ এগৰাকী যুৱতীয়ে প্ৰদেশ বিজেপিৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে আনিলে জলসিঞ্চনৰ চাকৰিৰ নিযুক্তি কেলেংকাৰীৰ গুৰুতৰ অভিযোগ৷ এক প্ৰকাৰে ডেভিড আৰু গুলীয়াথৰ দৰে সমষ্টিৰ এগৰাকী সাধাৰণ যুৱতীৰ অভিযোগত ধাৰাসায়ী হ’ল ভৱেশ কলিতা৷ কিন্তু আশ্বৰ্যজনকভাৱে সংকটৰ ঘড়ীত প্ৰদেশ বিজেপিৰ প্ৰায়বোৰ নেতাই লগ এৰা দিলে ভৱেশ কলিতাক৷ আনকি কলিতাৰ এজাহাৰৰ ভিত্তিত গোচৰো ৰুজু কৰিলে ৰঙিয়া আৰক্ষীয়ে৷ অভিযোগ অনা যুৱতীৰ বিৰুদ্ধে শেনৰ দৰে গোচৰ দিবলৈ আহি ফেচাৰ দৰে ঘূৰি যাবলগীয়া হ’ল ভৱেশ কলিতা৷ নিযুক্তি কেলেংকাৰিৰ সৈতে ভৱেশ কলিতাৰ নাম সাঙোৰৰ পাছতেই হলা গছত বাগি কুঠাৰ মৰাৰ দৰে বিজেপিৰ একাংশই ভৱেশ কলিতাক সভাপতিৰ পৰা আতৰাই এগৰাকী উত্তৰ অসমৰ নেতাক প্ৰদেশ বিজেপিৰ সভাপতি পদত বহুৱাৰো কুচকাৱাজ আৰম্ভ কৰি দিয়ে৷ ইফালে সম্পত্তি কৰ বৃদ্ধিৰ সন্দৰ্ভত বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ঠিকা দিয়াৰ সন্দৰ্ভত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গ্ৰহণ কৰা সিদ্ধান্ত গুৱাহাটীৰ দুই বিজেপিৰ বিধায়ক ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অতুল বৰাই চোকা ভাষাৰে বিৰোধিতা কৰি এক প্ৰকাৰ ‘হু ইজ অশোক সিংঘাল’ বুলি প্ৰশ্ন কৰিলে৷ অশোক সিংঘালক ঢেকীয়াজুলিৰ মন্ত্ৰী আখ্যা দিলে বিধায়কদ্বয়ে৷ সমগ্ৰ বিষয়টোত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই দুতলীয়া ভূমিকা ল’লে৷ ইফালে এপিডিচিলৰ আকাশলংঘী বিদ্যুৎ বিলৰ বিৰোধিতা কৰি বজালী জিলাৰ বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক ঘনশ্যাম মালাকাৰ আৰু বজালী জিলাৰ সামাজিক মাধ্যমৰ সহ আহ্বায়ক পুলকেশ শৰ্মাই হৰুৱাবলগীয়া হ’ল বিষয়বাব৷ ইফালে পলাশবাৰীৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ভাতৃ হিতেশ ঠাকুৰীয়াই ককায়েকৰ পি এছ অ লৈ ৰাজহুৱা স্থানত ঘূৰা-ফিৰা কৰাৰ অভিযোগ উঠিছে৷ সমষ্টিৰ এজন দলীয় কৰ্মীক হিতেশ ঠাকুৰীয়াই ‘থুতুৰি কাঢ়ি লৈ আহিম’ বুলি দিয়া ভাবুকি সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কংগ্ৰেছ সাংসদ পৱনসিং ঘাটোৱাৰৰ পুত্ৰ পাঞ্জল ঘাটোৱাৰক ৮ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ দিনা বিজেপিত যোগদানৰ বাবে চলা কুচকাৱাজৰ তীব্ৰ বিৰোধিতা কৰিছে উজনিৰ তিনি বিজেপি বিধায়কে৷ ক্ৰমে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু মৰাণ বিধায়ক চক্ৰ গগৈয়ে ঘাটোৱাৰ পৰিয়ালৰ বিজেপি যোগদানক বিৰোধিতা কৰি মন্তব্য কৰিছে যে ঘটোৱাৰ পৰিয়ালক ৰাইজে কেতিয়াবাই বৰ্জন দিছে, এই পৰিয়ালক দললৈ আনিলে দলৰ লাভ নহয়, ক্ষতিহে হ’ব৷ এইটো পৰিয়ালৰ শোষণৰ বিৰুদ্ধে যুজি যুজিয়েই পুৰণি বিজেপিৰ নেতাকৰ্মীয়ে জীৱন পাত কৰিলে৷ প্ৰদেশ বিজেপিৰ অভ্যন্তৰত ঘটি থকা এনেবোৰ ক্ষোভ অসন্তুষ্টিৰ বুৰবুৰণিৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজুজু আৰু সৰ্বানন্দ সোণোৱালৰ সঘন অসম চফৰ তথা জনসম্পৰ্ক কাৰ্যসূচীয়ে বহন কৰিছে সুকীয়া তাৎপৰ্য৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Q3 Results Explained | इस तिमाही में कौन से Sector से रखें ज्यादा उम्मीद?पाएं Anuj Singhal का नजरिया
Q3 Results Explained | इस तिमाही में कौन से Sector से रखें ज्यादा उम्मीद?पाएं Anuj Singhal का नजरिया
Deepak Chemtex Business Outlook | कंपनी का IPO BSE-NSE पर होगा लिस्ट, मैनेजमेंट से जानें Plan
Deepak Chemtex Business Outlook | कंपनी का IPO BSE-NSE पर होगा लिस्ट, मैनेजमेंट से जानें Plan
MG Motor और HPCL मिलकर चार्ज करेंगे आपकी इलेक्ट्रिक कार, पेट्रोल पंप पर Fast Charger लगाने की तैयारी
MG Motor ने कहा है कि एमजी और एचपीसीएल मिलकर भारत भर के राजमार्गों और शहरों को कवर करने वाले...
ડીસામાં પરિણીતા ને દહેજ માટે ત્રાસ, પતિ, સાસુ અને દેરાણી સામે નોંધાઈ ફરિયાદ..
ડીસામાં પરિણીતા ને દહેજ માટે ત્રાસ, પતિ, સાસુ અને દેરાણી સામે નોંધાઈ ફરિયાદ..
ડીસા તાલુકાના...