ডিমাছা জনগোষ্ঠীক ভূলকৈ উপস্থাপন কৰাৰ অভিযোগত আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত শেহতীয়াকৈ ছবি ‘চেমখৰ’ বিতৰ্কৰ মাজত সোমাই পৰিছে। ইতিমধ্যে ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে চলচ্চিত্ৰখনক লৈ তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ছবিখনৰ বিৰুদ্ধে ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে বিবৃতি প্ৰকাশ কৰি থকাৰ মাজতে জনগোষ্ঠিটোৰ এজন নেতাই অলপতে পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আনহাতে, ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা আইমী বৰুৱাই ‘চেমখৰ’ এখন সম্পূৰ্ণ কাল্পনিক চলচ্চিত্ৰ বুলি দাবী কৰি আহিছে।

ডিমাছা সম্প্ৰদায় সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ মাত্ৰ ব্যৱসায়ীক লাভৰ উদ্দেশ্য আগত ৰাখি পৰিচালক গৰাকীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰা বুলি সদৌ ডিমাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ কেম্প্ৰাই অভিযোগ কৰে। 

ইয়াৰ উপৰি ডিমাছা মাতৃ সংস্থা আৰু সদৌ ডিমাছা ছাত্ৰ সংগঠনে পৃথকে পৃথকে দিয়া বিবৃতিৰ জৰিয়তে ছবিখনে ডিমাছা সম্প্ৰদায়ক ‘ভূল’ আৰু ‘আপত্তিজনক’ তথ্যৰে উপস্থাপন কৰা বুলি অভিযোগ কৰে।