ৰাজ্যজুৰি প্লাষ্টিকৰ চাউল বুলি সততেই সংবাদ মাধ্যমৰ জৰিয়তে ব্যাপক চৰ্চা চলি থকা বিভ্ৰান্তি দূৰ কৰি ভাৰতীয় খাদ্য নিগম চমুকৈ FCI ৰ নলবাৰীৰ টিহু শাখাই ৰাইজ তথা সাংবাদিকৰ সম্মুখত দূৰ কৰে এই অসোৱাহ ।।
দৰাচলতে দীৰ্ঘ দিন ধৰি FCI য়ে যোগান ধৰা মধ্যাহ্ন ভোজনকে আদি কৰি সুলভ মূল্যৰ দোকানত যোগান ধৰা চাউলত প্লাষ্টিকৰ চাউল পোৱাক লৈ জনমানসত যি উৰাবাতৰিৰ প্ৰচাৰ হৈছে সেয়া দৰাচলতে আইৰণ, ভিটামিনকে আদি কৰি বিভিন্ন খনিজ লৱণযুক্ত ফৰ্তিফাইড চাউলহে মাত্ৰ ।। যিয়ে দূৰ কৰে কুপোষণকে আদি কৰি বিভিন্ন অপুষ্টিজনিত ৰোগ ।।
আজি FCI ৰ টিহু শাখাত অনুষ্ঠিত ৰাইজ আৰু সাংবাদিকৰে হোৱা এক অনুষ্ঠানত ভাৰতীয় খাদ্য নিগমৰ উচ্চপদস্থ বিষয়ববীয়াসকল ক্ৰমে কল্পজিত দাস মেনেজাৰ, ৰূপ সিং মীনা, সুশীল তিৰ্কী, বিনোদ কুমাৰ মীনা আৰু প্ৰবাল প্ৰতীম দাসে এক প্ৰদৰ্শনী যোগে সাংবাদিক আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখুৱাই এই ফৰ্তিফাইড চাউলৰ উপকাৰিতা আৰু গুণাগুণ সমুহ বৰ্ননা কৰে।