মাজুলীৰ সাংস্কৃতিক বিশ্ব বিদ্যালয় খন থাকিবগৈ নে? আজি দুটা বছৰে যোৰা-তাপলি মাৰি চলিছে বিশ্ববিদ্যালয়

উপাচাৰ্য ড' ডম্বৰুধৰ নাথৰ অৱসৰৰ পাছতেই বিৰ্তকত বিশ্ববিদ্যালয়।

পূৱ মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ বিস্ফোৰণ।

 ২০১৯ চনতে প্ৰতিষ্ঠিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় এতিয়া বিৰ্তকত।

যোৰা তাপলি মাৰি চলিচে বিশ্ববিদ্যালয়। শিক্ষাবৰ্ষ আৰম্ভণিৰ বাবে পূৱ মাজুলী মহাবিদ্যালয়ে দিছিল সুবিধা। ৮ লাখ টকা অধ্যক্ষৰ যোগেদি শ্ৰেনীকোঠা আৰু হোষ্টেল মেৰামতিৰ বাবে খৰছ কৰাই আজিও নিদিলে। বিস্ফোৰক অভিযোগ পূৱ মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুপ কুমাৰ বৰাৰ। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সেই সময়ৰ পঞ্জীয়ক নৰনাৰায়ন নাথ আৰু উপাচাৰ্য নাথে অধ্যক্ষ অৰুপ কুমাৰ বৰাক মেৰামতিৰ কাম কৰাবৰ বাবে হেচা প্ৰয়োগ কৰি পৰৱৰ্তী টকা আদায় দিয়াৰ সময়ত গা এৰা দিলে। পূৱ মাজুলী মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে আন আন কৰ্মচাৰীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম কাজ পৰিচালনা কৰিছিল। ইলেকট্ৰিচিটি বিলো পৰিশোধৰ নামতো পাতি পইচা নিদিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ে এই অভিযোগ অৰুপ কুমাৰ বৰাৰ। বাইট - অৰুপ কুমাৰ বৰা।। আনহাতে শুভাৰম্ভ দিনটোত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আগমনৰ শিক্ষাবৰ্ষৰ শুভাৰম্ভ পেণ্ডেল,পৰিবেশ সজাই টোলা সকলো টকা খৰছ কৰিছিল পূৱ মাজুলী মহাবিদ্যালয়ে। সেইবোৰো নিদিলে। পূৱ মাজুলী মহাবিদ্যালয়ত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ কৰি মহাবিদ্যালয় খনৰ বহুতো লোকচান কৰিলে বুলি সংবাদমাধ্যমত মন্ত্ৰব্য অৰুপ কুমাৰ বৰাৰ। আনহাতে ইমানখিনি পূৱ মাজুলী মহাবিদ্যালয়ে ইমান ত্যাগ কৰাৰ পাছতো অৱসৰৰ দিনটোত উপাচাৰ্য নাথে এবাৰো মহাবিদ্যালয় খনৰ নাম সংবাদমাধ্যমত উল্লেখ নকৰিলে আনহাতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক অৱসৰৰ দিনটোত নিমন্ত্ৰণ নজনালে এই আক্ষেপ অৰুপ কুমাৰ বৰাৰ। ২০১৯ বৰ্ষতে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় খন পূৱ মাজুলী মহাবিদ্যালয়ৰ অস্কিজেনত কোনোমতে চলি আছে ডম্বৰুধৰ নাথে কোনো কামৰ অগ্ৰগতি কৰিব নোৱাৰিলে। সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নামত চৰকাৰে ফটা ঢ়োল বজাই যোৰা টাপলি মাৰি চলাই আছে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ জনৰ ভাষ্যত পোহৰলৈ আহিছে।