সোণাৰিত অসমী শাৰদীয় মেলা

চৰাইদেউ জিলাৰ সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম ৰাজ‍্যিক গ্ৰামীণ  জীবিকা অভিযানৰ চৰাইদেউ জিলাৰ চাৰিটা ব্লকৰ মাজত অসমী শাৰদীয় মেলা । অসম ৰাজ‍্যিক গ্ৰামীণ জীবিকা মেলা খনৰ মূল দ্বাৰ মুকলি কৰে চৰাইদেউ জিলা পৰিষদৰ CEO বিদিত দাসে । অসম ৰাজ‍্যিক গ্ৰামীণ  মেলা খনত সোণাৰি , সাপেখাতী , মাহমৰা , লাকুৱা মুঠ চাৰিটা ব্লকৰ ৩০ টা মহিলা গোটৰ মাজত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ দ্বাৰা অনুষ্ঠিত হৈছে । উল্লেখযোগ্য যে এই অসম ৰাজ‍্যিক গ্ৰামীণ মেলা খনত বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাজপাৰ , জনগোষ্ঠীয় খাদ‍্য সম্ভাৰ আৰু অসমীয়া শিপিনীয়ে বোৱা বিভিন্ন সাজপাৰ । অসমী শাৰদীয় গ্ৰামীণ মেলা খনে দূৰ্গা পূজা সময়ত অসমীয়া জনগোষ্ঠী সাজপাৰৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰে সমাদৰ লাভ কৰিব বুলি উদ্যোগতা সকলে আশা প্ৰকাশ কৰিছে।