বৰ্দ্ধিত বিদ্যুত মাচুল আৰু স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত চৰাইদেউ জিলা কংগ্ৰেছৰ প্ৰতিবাদ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান ক্ৰমে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকীৰ নেতৃত্বত বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰতিবাদ আৰু আসোঁৱাহযুক্ত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবী কৰি সোণাৰিৰ বানফেৰাস্থিত বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
উক্ত কাৰ্যসূচীত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকদ্বয় নৃপেন কোৱঁৰ ,লোহিত মহন ,জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ৰুণু সন্দিকৈ ,সাপেখাটি ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিৰেন বড়া ,সাধাৰন সম্পাদক অনন্ত বৰা ,সোণাৰি নগৰ ব্লক কংগ্ৰেছৰ সাধাৰন সম্পাদক নিপা ভৌমিক ,মহিলা কংগ্ৰেছৰ নমিতা পাল জিলা যুৱ কংগ্ৰেছৰ সাধাৰন সম্পাদক অনন্ত বৰঠাকুৰ ,প্ৰতিম শইকীয়া ইত্যাদি কৰি যুৱ কংগ্ৰেছ ,মহিলা কংগ্ৰেছ ,সেৱা দল ,এন এছ ইউ আই ৰ লগতে দলীয় বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে ৷