দুই বিজেপি বিধায়কৰ নেতৃত্বতে চলি আছে কয়লাৰ অবৈধ ব্যৱসায়৷ কয়লা ছিণ্ডিকেটৰ ধন বিভিন্ন ঠাইলৈ যায়৷ ক’লৈ যায় কয়লা ছিণ্ডিকেটৰ ধনৰ ভাগ? মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু শদিয়াৰ বিধায়ক বলীন চেতিয়া কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ৷ এই দুজন বিজেপি বিধায়কে মাৰ্ঘেৰিটাত গঢ়ি তুলিছে বিশাল কয়লা ছিণ্ডিকেট– যাৰ কমিছনৰ লেনদেন হয় ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত৷’ –এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ আজি এক সংবাদমেলত তেওঁ এই অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য, অবৈধ কলয়া খননত জড়িত তিনিজন শ্ৰমিকৰ শোকাৱহ মৃত্যুৰ পাছতো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডুত কয়লাৰ অবৈধ খনন অব্যাহত আছে৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেইদিন মানৰ পূৰ্বে কয়লাৰ অবৈধ কয়লাখনিত তিনিজন শ্ৰমিক নিহত হোৱাৰ পাছত তেওঁলোকৰ মৃতদেহ লুকুৱাই ৰাখি সমস্ত ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল৷ ইমানৰ পাছতো চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত লুৰিণজ্যোতি গগৈয়ে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখি আছে৷ যাৰ বাবে অসমৰ ভূমি, ৰাজহুৱা সম্পত্তি এটাৰ পাছত এটাকৈ যোগগুৰু, ধৰ্মগুৰু, আদানী, আম্বানীক বিক্ৰী কৰিছে৷ এই সপোন সাকাৰ কৰিবলৈকে অসমৰ কাষৰীয়া ৰাজ্যসমূহৰ লগত সীমাবিবাদ সমাধান কৰাৰ নামত অসমৰ ভূমি এৰি দিছে৷ এয়া সীমা সমস্যাৰ সমাধান নহয়, এইয়া আত্মসমৰ্পণহে বুলি লুৰিণজ্যোতিয়ে মন্তব্য কৰে৷ তেওঁ সংবাদমেলত কয় যে বিজেপি চৰকাৰখনে কেৱল দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মিছা আশ্বাস দি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে৷ কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছে৷ তিনিচুকীয়া জিলাই ৰাজহ যোগান ধৰাৰ ক্ষেত্ৰত বহু আগত থাকিলেও ১০ বছৰে জিলাখনৰ কোনো উন্নয়ন হোৱা নাই৷ জিলাখনত ৫ জন বিজেপিৰ বিধায়ক থকা সত্বেও এনেদৰে চৰকাৰখনে উপেক্ষা কৰাত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ একেদৰে বিজেপি শাসিত তিনিচুকীয়া পৌৰসভাতো কেৱল ক্ষমতাকেন্দ্ৰিক যুঁজ বাগৰৰ বাবে তিনিচুকীয়া চহৰৰ উন্নয়ন পিছ পৰি আছে বুলি তেওঁ অভিযোগ কৰে৷ তেওঁ লগতে তিনিচুকীয়াৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিবলৈও দাবী জনায়৷ সংবাদমেলত দলটোৰ জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দ, টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন, সঞ্জয় দেৱ আদি নেতাসকলো উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জীয়াভৰলীৰ পাৰত হালধীয়াৰ সমাহাৰ
চৌপাশে কেৱল হালধীয়া আৰু হালধীয়া। জীয়াভৰলী নৈৰ দাঁতিত এতিয়া চৌপাশে হালধীয়াৰ সমাহাৰ। এই...
Cement Stocks | मार्केट की तेजी में सीमेंट सेक्टर भी गुलजार, इन दो शेयर ने लगाया ऑल टाइम हाई
Cement Stocks | मार्केट की तेजी में सीमेंट सेक्टर भी गुलजार, इन दो शेयर ने लगाया ऑल टाइम हाई
78 फीसदी ग्रामीाण पैरेंट्स चाहते हैं ग्रेजुएशन के बाद लड़कियों को पढ़ाना, पढ़ें डिटेल
देश भर में आज 24 जनवरी, 2024 को नेशनल गर्ल चाइल्ड डे सेलिब्रेट किया जा रहा है। लड़कियों को समाज...
Twitter यूजर्स को लॉगइन में हो रही दिक्कत? कंपनी ने बंद किए सभी ऑफिस, कर्मचारियों को भेजा घर
Twitter और एलॉन मस्क की डील के बाद हर दिन कुछ ना कुछ ऐसा हो रहा है, जिसकी उम्मीद नहीं थी. फिलहाल...
শিৱসাগৰত ব্যৱসায়িক প্ৰতিষ্ঠানত STATE GST ৰ অভিযান
শিৱসাগৰত ব্যৱসায়িক প্ৰতিষ্ঠানত STATE GST ৰ অভিযান