গেৰুকামুখস্থিত এনএইচপিচিৰ নামনি সোৱণশিৰি প্ৰকল্পত অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱ৷ ধাৰাবাহিকভাৱে প্ৰকৃতিয়ে তাণ্ডৱ চলাই থকাৰ মাজতে শনিবাৰে মাজনিশা প্ৰাণৰ ভয়ত শোৱাপাটী এৰি পলায়ন কৰে প্ৰকল্পটোত কৰ্মৰত শ শ শ্ৰমিকে৷ কোৱা বাহুল্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যে কোনো কাৰণতে ৰাইজৰ হিতৰ বাবে হ’ব নোৱাৰে সেই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে৷ ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি কৰা অথন্তৰে ইয়াৰ সত্যতা প্ৰতিপন্ন কৰিছে৷ উল্লেখ্য যে, শুকুৰবাৰে ভূমিস্খলনৰ ফলত মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ পাছত শনিবাৰে নিশা ১২ বজাত পাৱাৰ হাউচৰ সন্মুখত থকা তথা সোৱণশিৰি নদীৰ গাৰ্ড ৱাল খহি পৰাৰ ফলত প্ৰকল্পটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে শনিবাৰে নিশা গাৰ্ড ৱাল খহি পৰাৰ পাছত দেওবাৰে বিয়লি চাৰি বজাৰ পৰা পাৱাৰ হাউচত পানী সোমাবলৈ ধৰাত প্ৰকল্পটোৰ মূল চালিকা শক্তি শক্তিগৃহটো অচল হৈ পৰে৷ ইয়াৰ পূৰ্বেই নিশা সেই স্থানৰ পৰা ৪ হাজাৰ শ্ৰমিক-কৰ্মচাৰীক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়৷ লক্ষণীয় কথা যে দুপৰ নিশা এন এইচ পি চিত গাৰ্ড ৱাল খহি পৰাৰ সময়ত প্ৰকল্পটোত আতংকৰ সৃষ্টি হোৱাৰ লগতে চৌদিশে শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কৰ্মৰত এইসকল লোকে হোৱা দুৱাৰ সৃষ্টি কৰি সকলোৱে ঐ পলা পলা বুলি প্ৰাণৰ মমতাত চিঞৰিবলৈ ধৰে৷ ইফালে সোৱণশিৰি নদীৰ বক্ষত আজিও জলস্তৰ হ্ৰাস পোৱা নাই আৰু আজি সন্ধিয়াপৰ্যন্ত ভগ্ন গাৰ্ড ৱালেৰে পানী পাৱাৰ হাউচলৈ বাগৰিয়েই আছে৷ গেৰুকামুখৰ দৰে থুনুকা শিলৰ পাহাৰত কোনো কাৰণতে যে বৃহৎ নদীবান্ধ সম্ভৱ নহয় সেই কথা ইতিপূৰ্বে বিশেষজ্ঞসকলেও চূড়ান্ত প্ৰতিবেদনত উল্লেখ কৰিছিল৷ বিশেষজ্ঞসকলৰ পৰামৰ্শক আওকান কৰি এন এইচ পি চি কতৃৰ্পক্ষই কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেটত নদীখনৰ বক্ষত ২০০০ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলতে শেহতীয়াকৈ এনে অথন্তৰৰ সৃষ্টি হৈছে৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা আতংকৰ পৰিৱেশ নামনি অঞ্চলতো প্ৰভাৱ পৰিছে৷ প্ৰকল্পটোত ইতিমধ্যে নিৰ্মাণকাৰ্য অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰাৰ লগতে নিৰ্দিষ্ট সময়ত যে প্ৰকল্পটো নিৰ্মাণ হৈ নুঠিব সেই কথা এন এইচ পি চিৰ উচ্ছস্তৰীয় সূত্ৰই সদৰি কৰিছে৷ হয়তো অহা এটা বছৰপৰ্যন্ত প্ৰকল্পৰ কাম-কাজ বন্ধ থাকিব পাৰে বুলিও সূত্ৰটোৱে সন্দেহ প্ৰকাশ কৰিছে৷ লক্ষণীয় কথা যে সোৱণশিৰিৰ পানী পাৱাৰ হাউচৰ লগতে নিৰ্মীয়মান টাৰ্বাইনতো সোমাই পৰাত এন এইচ পি চিৰ বৃহৎ ক্ষতি হৈছে৷ ইতিমধ্যে প্ৰকল্পটোত কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু ইয়াত নিয়োজিত শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত চৰম অনিশ্চয়তাই দেখা দিছে৷ এন এইচ পি চিত ইতিমধ্যে কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তা উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি অধ্যয়ন কৰি থকাৰ লগতে তেওঁ এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, এই গাৰ্ড ৱালখন প্ৰকল্প নিৰ্মাণ কালত পাৱাৰ হাউচ ক্ষেত্ৰলৈ নদীৰ পানী সোমোৱাত বাধা দিয়াৰ বাবে নিৰ্মাণ কৰা অস্থায়ী ব্যৱস্থা আছিল৷ পাৱাৰ হাউচৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এই ৱালৰ আৱশ্যকতা নাথাকিব বুলি এন এইচ পি চিৰ কনচালটেণ্ট এ এন মহম্মদে আমাৰ অসম’ক জানিবলৈ দিছে৷ তেওঁ জানিবলৈ দিয়া অনুসৰি এনে কাৰ্যৰ ফলত প্ৰকল্পৰ সমাপ্তিৰ দিন পিছুৱাই যোৱাতো নিশ্চিত৷ ইফালে আজি এন এইচ পি চিত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদে নগৰৰ মাজমজিয়াত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

অসমৰ স্বাৰ্থ আওকাণ কৰি বলপূৰ্বকভাৱে সোৱণশিৰি বান্ধ নিৰ্মাণ কৰিলে পৰিস্থিতি ভয়াৱহ হ’বঃ আছু

বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আওকাণ কৰি বলপূৰ্বকভাৱে নিৰ্মাণ কৰি থকা এন এইচ পি চি গেৰুকামুখ বৃহৎ নদীবান্ধ প্ৰকল্পত এতিয়া হাহাকাৰ পৰিস্থিতি৷ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী আই আই টিৰ বিশেষজ্ঞসকলৰ মতে বালিৰে নিৰ্মিত গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ কেতিয়াও সুৰক্ষিত নহয়৷ এই নদীবান্ধে নৈপৰীয়া সভ্যতা-উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, মাজুলীকে ধৰি বিশ্বনাথ জিলাক সম্পূৰ্ণৰূপে ক্ষতি কৰিব৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে এই বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰিবৰ বাবে ধাৰাবাহিক প্ৰতিবাদ জনাই আহিছিল যদিও অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আওকাণ কৰি দাম্ভিকতাৰে নিৰ্মাণকাৰ্য চলাই গৈছিল৷ পাহাৰ খহা, বান্ধলৈ যোৱা ৰাস্তা উটুৱাই নিয়া, ভূমিস্খলনৰ ফলত দুটাকৈ টানেল বন্ধ হোৱা পাছত নদীবান্ধটোৰ পাৱাৰ হাউচৰ গাৰ্ডৱাল ভাঙি পাৱাৰ হাউচতো পানী সোমালে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিবৃতিত কয়- এন এইচ পি চি কতৃৰ্পক্ষই বিশেষজ্ঞৰ পৰামৰ্শ আওকাণ কৰি উন্নত প্ৰযুক্তিৰে বান্ধ নিৰ্মাণ কৰি থকা কথাটো যে সম্পূৰ্ণ মিছা সেই কথা এতিয়া প্ৰমাণ হৈ গৈছে৷ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পই দিনকদিনে সৃষ্টি কৰা ভয়াৱহতাই নামনিবাসী ৰাইজ তথা ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলাৰ জনগণ আজি শংকিত, নামনি সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধৰ টানেলটোৰ বৃহৎ এটা অংশ খহি যোৱা পাছত, পাৱাৰ হাউচৰ গাৰ্ডৱাল ভাঙি পাৱাৰ হাউচত পানী সোমোৱাত এতিয়া জনসাধাৰণৰ অধিক শংকিত হৈ পৰিছে৷ ছাত্ৰ সন্থা, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে শংকা কৰা বিষয়বোৰ এতিয়া সঁচা প্ৰমাণিত হৈছে৷ এন এইচ পি চিৰ দম্ভ-অহংকাৰ প্ৰকৃতিৰ হাতত বাৰে বাৰে তচ-নচ হৈ গৈছে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই সোৱণশিৰি নদীৰ ভাৰ বহন কৰিব নোৱৰা ঠুনুকা পাহাৰৰ প্ৰতিটো বাৰিষাতেই খহি পৰিছে৷ এয়াই এন এইচ পি চিৰ মিথ্যাচাৰিতা৷ বাৰে বাৰে চৰকাৰে কৈ থকা উন্নত প্ৰযুক্তিৰ ফোপোলাস্বৰূপ উদঙাইছে প্ৰকৃতিয়ে৷ পাৱাৰ হাউচটোকে সুৰক্ষিত কৰিব নোৱৰা এন এইচ পি চিৰ হাতত অসমৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ যে কোনো সুৰক্ষা নাই সেই কথা এতিয়া প্ৰমাণ হৈ গৈছে৷ অসমৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ নমনাৰ ফলত নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত নহয় সেই কথা ছাত্ৰ সন্থাই পূৰ্বৰে পৰা কৈ আহিছে৷

ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি ছিগোঁ ছিগোঁ

লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ আজি উক্ত খহনীয়াগ্ৰস্ত অঞ্চলটোত কেন্দ্ৰীয় জল আয়োগৰ দলৰ লগতে সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ জিলা উপায়ুক্ত উপস্থিত হৈ মথাউৰিটো পৰিদৰ্শন কৰি যিকোনোপ্ৰকাৰে মথাউৰি ৰক্ষাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে, বিগত এসপ্তাহ ধৰি ব্যাপকৰূপত খহনীয়া অব্যাহত থকা ভীমপৰা মথাউৰিৰ ঘনচৰাই এলেকাত জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে মথাউৰি সুৰক্ষাৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে যদিও আজি পুৱাৰ ভাগত সোৱণশিৰি নদীয়ে কালৰূপ ধাৰণ কৰি ভীমপৰা মথাউৰিৰ নআলি ঘনচৰাইত মথাউৰিটোৰ এক বৃহৎ অংশ খহাই নিয়াত মথাউৰি চিগাৰ আশংকা নিশ্চিত হৈ পৰিছে৷ অৱশ্যে লখিমপুৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আলিউল আখতাৰ, এছ ডি অসহ অভিযন্তা সঞ্জীৱ গোহাঁইৰ উপস্থিতিত ঠিকাদাৰে যুদ্ধংদেহি তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ প্ৰচেষ্টা চলায়৷ ইতিমধ্যে খহনীয়া অঞ্চলত জলসম্পদ বিভাগৰ উদ্যোগত মথাউৰি নিৰ্মাণৰ কাম তীব্ৰগতিত অব্যাহত আছে যদিও স্থানীয় ৰাইজ আশ্বস্ত হ’ব পৰা নাই৷ জলসম্পদ বিভাগে ভগ্ন মথাউৰিটো যিকোনোপ্ৰকাৰে ৰক্ষা কৰা হ’ব বুলি সদৰি কৰাৰ বিপৰীতে স্থানীয় ৰাইজে কয় যে বিভাগীয় হেমাহিৰ বাবেই আজি ঘনচৰাইত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ বাবে জলসম্পদ বিভাগে নতুন আঁচনিৰে খহনীয়া প্ৰতিৰোধৰ তৎপৰতা চলাইছে৷ উল্লেখ্য যে, সম্প্ৰতি খহনীয়াই ভয়াৱহ ৰূপ লোৱা উল্লেখিত এলেকাত জলসম্পদ বিভাগে ১০ কোটি টকীয়া এক আঁচনি গ্ৰহণ কৰিছিল যদিও নদীৰ ঢলে সঘনাই আঁচনিখন ৰূপায়ণত ব্যাঘাত জন্মাই অহাত এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগে জানিবলৈ দিয়া মতে উক্ত ১০ কোটি টকীয়া আঁচনিৰ প্ৰায় ৮ শতাংশ কাম কৰোঁতেই সোৱণশিৰিয়ে অঞ্চলটোত ভয়াৱহ ৰূপ ধাৰণ কৰে যাৰ বাবে আঁচনি ৰূপায়ণত বেমেজালিৰ সৃষ্টি হয়৷ সম্প্ৰতি উল্লিখিত এলেকাত জলসম্পদ বিভাগে আন এক আঁচনিৰে মথাউৰি সুৰক্ষাত নিয়োজিত হৈছে৷ তেওঁলোকৰ মতে উক্ত ১০ কোটি টকীয়া আঁচনিৰ কাম বিভাগে পৰৱৰ্তী সময়ত কৰাৰ ব্যৱস্থা কৰিব৷ বৰ্তমান বিভাগে খহনীয়া অব্যাহত থকা মথাউৰিটোত ট্ৰেক্টৰ, জিচিবি লগাই মথাউৰি নিৰ্মাণৰ কামত লগাৰ সমান্তৰালকৈ খহনীয়া প্ৰতিৰোধৰ তৎপৰতা অব্যাহত ৰাখিছে৷ ইফালে এন এইচ পি চিৰ ঢলে সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে ঘনচৰাইত মথাউৰি চিঙাৰ উপক্ৰম ঘটিছে৷