লোকশিল্পী বলেন্দ্ৰ নাগাৰা নামৰ শিল্পী বলেন্দ্ৰ নাৰায়ণ কলিতাৰ বিয়োগত শোক প্ৰকাশ সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি বলোৰাম বৈশ্যৰ।

দৰ‌ং-ওদালগুৰি জিলাৰ সীমামূৰীয়া অঞ্চল কুঁহিয়াৰকুছিৰ বিশিষ্ট নাগাৰা নামৰ পাঠক বলেন্দ্ৰ নাৰায়ণ কলিতাৰ সোমবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। সদৌ অসম নাগাৰা নাম সংঘৰ কাৰ্যনিৰ্বাহক সদস্য, সদৌ অসম নাগাৰা নাম সংঘৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া গৰাকীৰ বিয়োগত বৃহত্তৰ অঞ্চলটিত শোঁকৰ ছাঁ পৰিছে। আজি সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি বলোৰাম বৈশ্য, সহকাৰী সম্পাদক বসন্ত চহৰীয়াই প্ৰয়াত কলিতাৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ২০১৯ চনত অনুষ্ঠান পৰিবেশন কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰি পক্ষাঘাত গ্ৰন্থ অৱস্থাত থকা ৪৫ বৰ্ষীয়ান শিল্পী গৰাকীয়ে মৃত্যুৰ সময়ত পিতৃ, ভাতৃকে ধৰি পৰিয়াল পৰিজনক এৰি যায়।