নুমলীগড় শোধনাগাৰৰ কুঞ্জকাননৰ আৱাসী তথা শোধনাগাৰৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত উচ্চ শিক্ষিত লোকসকলৰ দ্বাৰা গঠিত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাই সাহিত্য চৰ্চা অব্যাহত ৰখাৰ লগতে বিভিন্ন সময়ত অন্যান্য ক্ষেত্ৰতো সেৱা আগবঢ়াই আহিছে৷ সেই উপলক্ষে সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ সন্মানো বুটলিবলৈ সক্ষম হৈছে৷ শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক উদগণি যোগোৱাৰ লক্ষ্যৰে শাখা সাহিত্য সভাই প্ৰতি বছৰেই কুঞ্জকাননত কৃতি শিক্ষাৰ্থী সকলক অভিনন্দন জনোৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ একেদৰে এইবাৰো পুনৰ নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত নুমলীগড় শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰৰ লগত জড়িত সহযোগী অনুষ্ঠানৰ পৰিয়ালৰ ২০২২ বৰ্ষত দশম শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ নাথ, উপ-সভাপতি সংগম পঞ্চানন, সম্পাদক দিলীপ শইকীয়া, সহঃসম্পাদক অজিত কুমাৰ দাস, প্ৰণৱজ্যোতি শইকীয়া, সাংস্কৃতিক সম্পাদক মনোজ কুমাৰ দাস, কাৰ্যালয় সম্পাদক গজেন্দ্ৰ নাথ দাস, উপদেষ্টা ৰিপুণ শইকীয়া আৰু সদস্য অপূৰ্ব মজুমদাৰ, দেৱৰাজ তালুকদাৰ, ভূপেন শৰ্মাৰ লগতে দেইথৰ শাখা সাহিত্য সভাৰ ব্ৰজেন শৰ্মাৰ লগতে কে’বাজনো সদস্য তথা অভিভাৱক সকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক জাতীয় অংগবস্ত্ৰ তথা অভিনন্দন পত্ৰ প্ৰদানেৰে উৎসাহিত কৰা হয়৷ শাখা সাহিত্য সভাৰ এনে পদক্ষেপৰ বিভিন্ন মহলে শলাগ লৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Galaxy M55s 5G भारत में लॉन्च, फटाफट चेक करें दाम
Samsung Galaxy M55s 5G को पिछले कुछ दिनों से ऑनलाइन शॉपिंग वेबसाइट अमेजन पर टीज किया जा रहा था।...
महावितरणाचा गलथान कारभार
डिपीली चिटकून म्हैस दगावली
वाढोणा येथील घटना
महावितरणाचा गलथान कारभार डिपीली चिटकून म्हैस दगावली ,वाढोणा येथील घटना.
...
শিৱসাগৰ যুৱদলত নাটকৰ শুভ মহুৰত
অহা ২৭ অক্টোবৰত শিৱসাগৰ যুৱদলৰ প্ৰতিষ্ঠা দিৱস। বিভিন্ন অনুষ্ঠানৰ সমান্তৰালকৈ প্ৰতিষ্ঠা দিৱসৰ লগত...
भारत ने 73 हजार अमेरिकी राइफल्स का ऑर्डर दिया:₹837 करोड़ में डील हुई
भारत ने अमेरिका से 73,000 सिग सॉह असॉल्ट राइफल्स का दूसरा ऑर्डर दिया। टाइम्स ऑफ इंडिया के सूत्रों...