চাফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰিয়াফলা পেভাৰ ব্লক ৰাষ্টাৰ শুভ উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।সোনাৰি জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২০২১ আৰু ২০২১-২০২২ বৰ্ষৰ প্ৰায় ৭,৫০,০০০ টকা ব্যয়ৰে এই ৰাষ্টাটো নিৰ্মাণ কৰা হয়। 

               উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ,সোনাৰি জিলা পৰিষদৰ সদস্যা জীনু কোঁৱৰ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস ৰ লগতে কেইবাজনো লোক আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।