উত্তৰাখণ্ডৰ শীৰ্ষস্থানীয় বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী বিনেদ আৰ্যৰ পুত্ৰৰ ৰিৰ্জৰ্টত সংঘটিত সীমাহীন যৌন কেলেংকাৰিৰ প্ৰমাণ নষ্ট কৰাৰ বাবেই উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে বনান্তৰ নামৰ ৰিজ’ৰ্টখন বুলডজাৰ লগাই ভাঙি পেলোৱা বুলি অভিযোগ তুলিছে হত্যাৰ বলি হোৱা ৰিজৰ্টৰ ৰিচিপছনিষ্ট অংকিতা ভাণ্ডাৰীৰ পৰিয়ালে৷ চৰকাৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ আৰু নিহত অংকিতাৰ মৰণোত্তৰ পৰীক্ষাৰ পূৰ্ণাংগ প্ৰতিবেদন নোপোৱালৈকে অংকিতাৰ শেষকৃত্য নকৰে বুলি পৰিয়ালে প্ৰতিবাদ কৰাত দেওবাৰৰ দিনটোও তীব্ৰ উত্তেজনাৰে পাৰ হয়৷ সমগ্ৰ ৰাজ্যত তীব্ৰ উত্তেজনাই বিৰাজ কৰে৷ প্ৰতিবাদী জনতাই ঋষিকেশৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখি অংকিতাৰ শেষকৃত্য নকৰে বুলি চৰকাৰ আৰু প্ৰশাসনক জনাই দিয়ে৷ তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত অৱশেষত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই চাঞ্চল্যকৰ ঘটনাৰ বিচাৰ ‘ফাষ্ট ট্ৰেক’ আদালতত কৰা তথা অংকিতাৰ মৰণোত্তৰ পৰীক্ষাৰ পূৰ্ণাংগ প্ৰতিবেদন ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ আশ্বাস দিয়াত বিয়লি অসংখ্য প্ৰতিবাদী জনতাৰ উপস্থিতিত অংকিতাৰ শেষকৃত্য সম্পন্ন হয়৷ বিজেপিৰ প্ৰাক্তন মন্ত্ৰী বিনোদ আৰ্যৰ পূত্ৰ পুলকিত আৰ্যৰ মালিকানাধীন ঋষিকেশৰ বনান্তৰ ৰিজৰ্টত ৰিচিপছনিষ্ট হিচাপে ২২দিন পূৰ্বে চাকৰিত যোগদান কৰা অংকিতা ভাণ্ডাৰীক পুলকিত আৰ্যই হত্যা কৰাৰ অভিযোগ উঠিছে৷ বনান্তৰ ৰিজৰ্টলৈ অহা নামী-দামী আলহীক যৌনসুখ দিবলৈ প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰই অংকিতাক তীব্ৰ হেঁচা দিছিল৷ পুলকিত আৰ্যই ৰিজৰ্টৰ আলহীক ‘বিশেষ সেৱা’ আগবঢ়াবলৈ ১৯বছৰীয়া সুন্দৰী অংকিতাক বলপ্ৰয়োগ কৰিছিল৷ পিছে অংকিতাই বাৰে বাৰে সেই হেঁচা উপেক্ষা কৰিছিল আৰু হত্যাৰ দিনা অৰ্থাৎ ১৮ ছেপ্টেম্বৰত সেই বিষয়টোক লৈ মালিক পুলকিত আৰু ৰিচিপছনিষ্ট অংকিতাৰ মাজত বনান্তৰ ৰিজৰ্টতে তুমুল তৰ্ক হৈছিল৷ সেইদিনাও অংকিতাই ৰিজৰ্টৰ আলহীক যৌন সুখ দিবলৈ অমান্তি হৈছিল৷ ইয়াৰ পাছতে পুলকিতে দুই বন্ধু তথা ৰিজৰ্টৰ মেনেজাৰ অংকিত গুপ্তা, সৌৰভ ভাস্কৰৰ সৈতে অংকিতাক লৈ ওলাই যায়৷ চাৰিওজন ঋষিকেশৰ চিলা খালৰ সমীপত বহি পুনৰ অংকিতাক ‘বিশেষ সেৱা’ত নিয়োজিত হবলৈ বুজনি দিয়ে আৰু গ্ৰাহকৰ সৈতে ‘স্পা’ত আগবঢ়োৱা সেৱাৰ বাবে ১০ হাজাৰকৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ তথাপি অংকিতা অমান্তি হোৱাত পুলকিতে তেওঁক গভীৰ খালটোলৈ গতিয়াই দিয়ে৷ পানীত ডুবি থকাৰ পৰা অংকিতাই বহুবাৰ তিনিওকে তেওঁক বচাবলৈ অনুৰোধ কৰিলেও কোনেও সেই অনুৰোধ কৰ্ণপাত নকৰিলে৷ বৰং তিনি বন্ধুৱে খালৰ পাৰতে ম’ম’ৰ সৈতে মদ্যপান কৰি ৰিজৰ্টলৈ নিশা উভতি যায়৷ পুলকিতেই প্ৰথমে অংকিতা নিখোঁজ হোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ কৰিলেও অংকিতাৰ পুষ্প নামৰ এজন বন্ধুৱে অংকিতাক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰে৷ তাৰ সূত্ৰ ধৰি আৰক্ষীয়ে কৰা তদন্তত শনিবাৰে চিলা খালৰ পৰা অংকিতাৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

ডেৰাডুনৰ পৰা হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অংকিতাই পৰিয়ালৰ আৰ্থিক সাহায্যৰ বাবে এই চাকৰিত যোগদান কৰিছিল৷ অংকিতা পঢ়া-শুনাত অতি মেধাসম্পন্ন আছিল৷ তেওঁৰ মাতৃয়ে অংগনবাড়ী কেন্দ্ৰত চাকৰি কৰি পৰিয়াল পোহ-পাল দিছিল৷ প্ৰকৃততে অংকিতাহঁত দৰিদ্ৰ পৰিয়ালৰ আছিল৷ সেয়ে তেওঁ এই কামত যোগদান কৰিলেও ২২ দিনৰ ভিতৰতে বুজি উঠিছিল বিজেপি নেতাৰ পুত্ৰৰ ৰিৰ্জৰ্টৰ ব্যৱসায়ৰ আঁৰত কি চলে৷ সেই সকলো কথা অংকিতাই তেওঁৰ কেইবাজনো বন্ধুক জনাইছিল৷ অংকিতাই তেওঁলোকলৈ দিয়া হোৱাটছএপ মেছেজ এতিয়া ভাইৰেল হৈ পৰিছে৷ সেই মেছেজত অংকিতাই তেওঁক ৰিৰ্জৰ্টৰ আলহীক যৌন সুখ দিয়াৰ বিনিময়ত দহ হাজাৰকৈ টকা আগবঢ়োৱাৰ প্ৰস্তাৱৰ কথাও জনাইছিল৷ অংকিতাই লিখিছিল– দুখীয়া হ’ব পাৰো, কিন্তু টকাৰ বিনিময়ত শৰীৰ বিক্ৰী নকৰোঁ৷ অংকিতাই সেই কাম এৰি যোৱাৰ সিদ্ধান্ত লৈছিল আৰু স্থানীয় আন হোটেল, ৰিৰ্জৰ্টত চাকৰি বিচাৰি আছিল৷ পিছে তাৰ পূৰ্বে বিজেপি নেতাৰ পুত্ৰ পুলকিতে অংকিতাক হত্যা কৰে৷ উল্লেখ্য, আঠ মাহ পূৰ্বে এই একেখন ৰিৰ্জৰ্টৰ পৰা প্ৰিয়ংকা নামৰ আন এগৰাকী সুন্দৰী যুৱতী কৰ্মচাৰী নিৰুদ্দেশ হৈছিল৷ আজিলৈকে প্ৰিয়ংকাৰ কোনো শুংসূত্ৰ নোলাল৷ সন্দেহ কৰা হৈছে অংকিতাৰ দৰেই প্ৰিয়ংকাও হত্যাৰ বলি হ’ল৷ ইপিনে, উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালকপ্ৰধান অশোক কুমাৰে অংকিতাক যে ৰিৰ্জৰ্টৰ অভ্যাগতৰ সৈতে যৌন কৰ্মত লিপ্ত হ’বলৈ বিজেপি নেতাৰ পুত্ৰই হেঁচা দিছিল সেই কথা প্ৰকাশ কৰিছে৷ অশোক কুমাৰৰ মতে আৰক্ষীৰ প্ৰাথমিক তদন্তত এই তথ্য ওলাইছে৷ ইয়াৰ বিপৰীতে অভিযুক্ত পুলকিতৰ পিতৃ বিজেপিৰ শীৰ্ষ নেতা বিনোদ আৰ্যই কৈছে যে তেওঁৰ পুত্ৰ সহজ-সৰল, এই কাম তেওঁ কৰিব নোৱাৰে৷ ইতিমধ্যে বিজেপিৰ পৰা বৰ্খাস্ত কৰা বিনোদ 

আৰ্যই দেওবাৰে এখন সংবাদ মেলত কয় –পুলকিত সহজ-সৰল ল’ৰা৷ সি নিজৰ কাম লৈ ব্যস্ত থাকে৷ এনে কাম সি কৰিব নোৱাৰে৷ মই মোৰ ল’ৰা আৰু নিহত ছোৱালীজনীৰ দুয়োৰে সুবিচাৰ বিচাৰিছোঁ৷ ইপিনে, শনিবাৰে দৌৰাদৌৰিকৈ মুখ্যমন্ত্ৰী ধামীৰ নিৰ্দেশত এই ৰিৰ্জৰ্টখন বুলডজাৰ লগাই ভাঙি পেলোৱাৰ আঁৰত ৰহস্য থকাৰ সন্দেহ দেখিছে অংকিতাৰ পৰিয়াল আৰু অনান্যই৷ কিয়নো বিজেপি নেতাৰ পুত্ৰৰ বনান্তৰ নামৰ ৰিৰ্জৰ্টখনত ঘাইকৈ অশালীন কাৰ্যকলাপ সংঘটিত হৈছিল৷ স্পা আৰু অনান্য ব্যৱস্থাৰ জৰিয়তে ৰিৰ্জৰ্টৰ আলহীক শাৰীৰিক সুখ দিয়াৰ ব্যৱস্থা আছিল৷ সেয়া নোহোৱা কৰিবৰ বাবেই অতি তৎপৰতাৰে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে ৰিৰ্জৰ্টখন প্ৰশাসনক লগাই ভাঙি পেলোৱা বুলি অভিযোগ উঠিছে৷ নিৰ্বাচনমুখী ৰাজ্যখনত বিজেপিৰ শীৰ্ষ নেতাৰ পৰিয়ালে এনে ৰিৰ্জৰ্টত অপকৰ্ম কৰি থকাৰ বিষয়ে প্ৰকাশ হ’লে নিৰ্বাচনত বিজেপিৰ অসুবিধা হোৱাৰ আশংকা আছিল৷ সেয়ে শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত ধামী চৰকাৰে ৰিৰ্জৰ্টখন ভাঙি সকলো প্ৰমাণ নোহোৱা কৰিলে৷