বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ। 

আজি বিশ্ব পৰ্যটন দিৱস। বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ। বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান লাভ দিশত চৰাইদেউ মৈদাম ক্ষেত্ৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ বাবে প্ৰস্তুত কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ড'চিয়াৰ ইতিমধ্যে অৰ্পন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ হাতত। সকলো ঠিকে থাকিলে আগন্তুক বৰ্ষত ইউনেস্কোৰ হাতত জমা দিব পৰা হ'ব ড'চিয়াৰ। তাৰ পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা । ইফালে চৰাইদেউ মৈদাম ক্ষেত্ৰত ২৫ কোটি টকা বাজেটেৰে অব্যাহত ৰাখিছে আন্তঃগাথঁনিৰ উন্নয়ন। এই সন্দৰ্ভত জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।