আজি বিশ্ব পৰ্যটন দিৱস।বিশ্ব পৰ্যটন মানচিত্ৰত স্থান লাভৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম ক্ষেত্ৰ। বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ বাবে প্ৰস্তুত কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ড'চিয়াৰ ইতিমধ্যে অৰ্পন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ হাতত। সকলো ঠিকে থাকিলে আগন্তুক বৰ্ষত ইউনেস্কোৰ হাতত জমা দিব পৰা হ'ব ড'চিয়াৰ। তাৰ পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা । ইফালে চৰাইদেউ মৈদাম ক্ষেত্ৰত ২৫ কোটি টকা বাজেটেৰে অব্যাহত ৰাখিছে আন্তঃগাথঁনিৰ উন্নয়ন। এই সন্দৰ্ভত জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উল্লেখ্য যে আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পৰৱৰ্ত্তী সময়ত পবিত্ৰ সমাধিস্থল হিচাপে পৰিগণিত হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰই ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভূক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশিষ্ট প্ৰত্নতাত্বিক বিশেষজ্ঞ কে চি ন'ৰিয়েলৰ নেতৃত্বত ভাৰত চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ তত্বাৱধানত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ড'চিয়াৰ প্ৰস্তুতিৰ কাম অব্যাহত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुमेरपुरा में किया किसानों को जैविक खेती के लिए जागरूक
सुमेरपुरा में किसानों को जैविक खेती के बारे में जागरूक किया:-
वर्तमान में जैविक खेती का...
Underground Choor-Khana તથા Plot મા રાખવામાં આવેલ દારૂ ઝડપાયો
Underground Choor-Khana તથા Plot મા રાખવામાં આવેલ દારૂ ઝડપાયો
Breaking News: लोकसभा चुनाव की घोषणा से पहले 13 मार्च को मोदी कैबिनेट की आखिरी बैठक | Aaj Tak
Breaking News: लोकसभा चुनाव की घोषणा से पहले 13 मार्च को मोदी कैबिनेट की आखिरी बैठक | Aaj Tak
वन क्षेत्रों के बाहर होगा पौधों का रोपणजिला कलक्टर ने की तैयारियों की समीक्षा
वन क्षेत्रों के बाहर होगा पौधों का रोपणजिला कलक्टर ने की तैयारियों की समीक्षा
ರಾಜಕಾರಣ ಸಾಕಾಗಿದೆ, ಬೇರೆಯವರಿಗೆ ಅವಕಾಶ ಮಾಡಿಕೊಡಬೇಕು - ಸಂಸದ ಡಿ.ಕೆ. ಸುರೇಶ್
ರಾಜ್ಯದ ಪ್ರಚಲಿತ ರಾಜಕೀಯ ವಿದ್ಯಮಾನಗಳ ಬಗ್ಗೆ ಸಂಸದ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್ ಬೇಸರ ವ್ಯಕ್ತಪಡಿಸಿದ್ದಾರೆ. ರಾಜಕಾರಣ ಮಾಡಿ...