অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ চাকৰিৰ নামত সঁচাকৈয়ে প্ৰাক্তন বিধায়কৰ নেতৃত্বত দালাল তথা মধ্যভোগী চক্ৰই ধন সংগ্ৰহ কৰিছে নেকি? তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত অনিয়ম, কেলেংকাৰিৰ অভিযোগ উঠিছিল যদিও অভিযোগকাৰী ভিক্টৰ দাস নামৰ টে’ট শিক্ষকজনকেই ওলোটাই নাটকীয়ভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ অথচ ভিক্টৰ দাস নামৰ শিক্ষকজনে তদন্তকাৰী আৰক্ষীক দালাল-মধ্যভোগীয়ে প্ৰাৰ্থীৰ সৈতে চাকৰিৰ নামত দৰ-দাম কৰা মোবাইল বাৰ্তালাপৰ অডিঅ’ ক্লিপিং পৰ্যন্ত দাখিল কৰিছিল৷ কেৱল ইমানেই নহয়, প্ৰাক্তন বিধায়কৰ নেতৃত্বত প্ৰতিজন প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকাকৈ ধন সংগ্ৰহত নামি পৰা বিশেষ চক্ৰটোৰ ফোন নম্বৰ পৰ্যন্ত দাখিল কৰিছিল আৰক্ষীক৷ কিন্তু অতি আচৰিতভাৱে আৰক্ষীয়ে ভিক্টৰ দাসকহে ওলোটাই সামঞ্জস্যহীন ধাৰাত গ্ৰেপ্তাৰ কৰে যদিও ভিক্টৰে উল্লেখ কৰা কোনো এটা দালালকে অজ্ঞাত কাৰণত প্ৰাথমিক সোধা-পোছা কৰাও প্ৰয়োজনবোধ নকৰিলে স্মাৰ্ট আৰক্ষীয়ে৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে ভিক্টৰৰ সকলো অভিযোগ মিছা আৰু মুখ্যমন্ত্ৰীয়েও ভিক্টৰক জেম্‌চ বণ্ডৰ লগত তুলনা কৰি কেলেংকাৰিৰ কথা অস্বীকাৰ কৰে৷ মুখ্যমন্ত্ৰী বা অসম আৰক্ষীয়ে ২৬ হাজাৰ পদত অনিয়ম হোৱাৰ কথা অস্বীকাৰ কৰিলেও ভিক্টৰে তদন্তকাৰী আৰক্ষীক দাখিল কৰা এটা অডিঅ’ ক্লিপিং শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ য’ত স্পষ্টকৈ দালাল তথা মধ্যভোগী আৰু প্ৰাৰ্থীৰ মাজত চাকৰিৰ দৰ-দামৰ তথ্য প্ৰকাশ পাইছে৷ কিন্তু ভিক্টৰে তদন্তকাৰী আৰক্ষীক উক্ত ভিডিঅ’ ক্লিপিংটো দাখিল কৰা লগতে দালালজনৰো তথ্য দিছিল৷ কিন্তু পৰীক্ষাত অনিয়ম কৰিলে পিঠি ফালি দিম বুলি বেপৰো¸ৱা মন্তব্য কৰা আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বাধীন স্মাৰ্ট অসম আৰক্ষীয়ে ৰহস্যজনকভাৱে চাকৰি বজাৰৰ দালালটোক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা পৰিচয়ো ৰাজহুৱা কৰিবলৈ সাহস নকৰিলে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে আৰক্ষী বিভাগৰ দৰে কঠিন শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নথকা তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদক লৈ চৰকাৰৰ যেন কৰ’বাত দুৰ্বলতা আছে৷ নহ’লে ৰাকেশ পালৰ এ পি এছ চি চাকৰিৰ দৰে ২৬ হাজাৰ পদৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ দৰ-দামত লিপ্ত হোৱা দালালটোক গ্ৰেপ্তাৰ নকৰাৰ কাৰণ কি? সামাজিক মাধ্যমত ভাইৰেল অডিঅ’টোত দালাল আৰু প্ৰাৰ্থীৰ কথোপকথন আছিল এনেধৰণৰ– 

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

দালালঃ তোমাৰ দেউতাই কিবা উল্টা-পুল্টা কথা পাতিছে৷ পইচা দিবলৈ কোৱা৷ পইচা নিদিলে ভাইটি কাম নহ’ব নহয়৷ মই আগতীয়াকৈ সকলো পইচা খোজা নাই৷ প্ৰথমে অলপ পইচা দি ৰাখা৷ ডকুমেণ্ট... কাগজ-পত্ৰখিনি দিয়া৷ বাকী যেতিয়া মেৰিট লিষ্টত তোমাৰ নাম আহিব, এপইণ্টমেণ্টৰ বাকী পইচাটো দিব লাগিব৷ 

প্ৰাৰ্থীঃ নহয়, দেউতাই এনেকৈ কৈছিল যে– মানে আগতে কিমান দিব লাগিব আৰু পাছত কিমান দিব লাগিব? সেইটো সুধিছিল মানে...৷ 

দালালঃ অ’ অ’... দেউতাই আগতীয়াকৈ বেছি পইচা দিব নালাগে৷ ৩০-৪০ হাজাৰ মান কিবা এটা দিয়ক৷ বাকী পইচা এপইণ্টমেণ্ট হোৱাৰ পাছত ল’ম৷ 

প্ৰাৰ্থীঃ আপোনাক কিমান তাৰিখ মানত দিব লাগিব? 

দালালঃ কিমান তাৰিখ বুলি কথা নাই৷ যিমান সোনকালে পাৰা দিয়া৷ কাৰণ এতিয়া ভেকেন্সী আছে৷ ভেকেন্সী যদি ফিলাপ হৈ যায়, পাছত তোমাৰ পৰা আৰু পইচা ল’ব নোৱাৰিম নহয়৷ কামটো কৰি দিব নোৱাৰিলে পইচাটো লৈ লাভ নহ’ব নহয়৷ বেলেগত নহয় অকল এছ টি পোষ্টহে আছে৷ বেলেগ অ’ বি চি, এম অ’ বি চি আৰু বাকী ক্লাচবোৰ ফিলাপ হৈয়ে গ’ল৷ 

প্ৰাৰ্থীঃ আপোনাক কেছ দিব লাগিব নে একাউণ্টত? 

দালালঃ সেইটো তোমালোকৰ কথা৷ কেচ দিলে তোমালোকৰ হাতত প্ৰমাণ নাথাকে৷ তুমি মোক হাতে-হাতে দিলে প্ৰমাণ নাথাকিব৷ একাউণ্টত দিলে কেতিয়া দিলা, কিমান তাৰিখত দিলা তাৰ সকলো প্ৰমাণ থাকিব৷ বাকী তোমালোকৰ কথা৷ একাউণ্টত দিলে ভাল, তোমালোকৰ প্ৰমাণ থাকি যাব৷ 

প্ৰাৰ্থীঃ আপোনাক লগ পাব পাৰিম নেকি? 

দালালঃ মই এতিয়া ভাইটি বহুত ব্যস্ত হৈ আছোঁ৷ পৰীক্ষা চলি আছে৷ ইচ্ছা আছে যদি মোৰ লগত প্ৰথমে ফোনতে যোগাযোগ কৰা৷ পইচা পাতি কেনেদৰে দিবা সেইটো কবা৷ আৰু এছ টিৰ ল’ৰা ২-৩টা লাগে? আছে নেকি আৰু এছ টি ল’ৰা? 

প্ৰাৰ্থীঃ আছে... নহয় মানে আমাৰ খুৰাৰ লগত কথা পাতি ল’ব৷ 

দালালঃ খুৰা-চুৰা বাদ দিয়া৷ তোমাৰ যদি ইণ্টাৰেষ্ট আছে বেছি দেৰি নকৰিবা৷ শুনা ভাইটি এছ টি পোষ্ট খালি আছে কাৰণেহে কৈছোঁ৷ এছ টি ল’ৰা সোমাব লাগিলে মোৰ দ্বাৰাই সোমাব লাগিব৷ গতিকে তোমাৰ যদি ইচ্ছা আছে ঘৰত কথা পাতা৷ সোনকালে পইচা এটা পেমেণ্ট কৰি দিয়া– তোমাৰ পোষ্টটো কনফৰ্ম হৈ আছে বুলি নিশ্চিন্তমনে থাকিব পাৰিবা৷ মই পইচা দিবলৈ যাম... কথা পাতিবলৈ যাম... এইবোৰ আৰু দীঘলীয়া প্ৰচেছ কৰি লাভ নাই৷ তোমাৰ যদি পইচা দিবলৈ মন আছে, তুমি তাত থাকিও দিব পাৰিবা৷ মই একাউণ্ট নম্বৰ দিম৷ একাউণ্টত পেমেণ্ট কৰিবা৷ ডকুমেণ্টখিনি হোৱাটছএপত দিয়া৷ পাছত মই গোটেই কামখিনি কৰি ৰাখিম৷ ছাৰৰ লগত কথা পাতি সকলো কৰি ৰাখিম৷ 

প্ৰাৰ্থীঃ হ’ব বাৰু ছাৰ... মই যিমান পাৰো সিমান সোনকালে চেষ্টা কৰি চাম৷ 

দালালঃ মোক আৰু এছ টি ল’ৰা লাগে৷ এছ টি ল’ৰা আছে যদি দিব পাৰা৷ মই কিবা এটা তোমাক হেল্প কৰিম বাৰু৷ মোক এছ টি ল’ৰাৰ বহুত দৰকাৰ হৈ আছে৷ 

প্ৰাৰ্থীঃ মোৰ আৰু লগৰ দুজন ল’ৰা আছে৷ কথা পাতি চাই লওঁ৷ 

দালালঃ কিন্তু পইচা দিব পৰাহে চাবা৷ দিব নোৱাৰা ল’ৰাৰ নালাগে দেই৷

অৱশ্যে ভিক্তৰে ৰাজহুৱা কৰা দালাল আৰু প্ৰাৰ্থীৰ মাজত হোৱা মোবাইল বাৰ্তালাপৰ উক্ত অডিঅ’টো কিছু পুৰণি বুলি দাবী কৰিছে অসম আৰক্ষীৰ এটা সূত্ৰই৷ উক্ত ভাইৰেল অডিঅ’টো ইতিপূৰ্বে ইউটিউবতো উপলব্ধ হোৱা বুলি আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰিছে৷