সোমবাৰে ছত্তীশগড়ৰ চুকমা জিলাৰ এখন অৰণ্যত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত এজন নক্সালবাদী নিহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ভেজ্জী থানাৰ সীমাৰ অন্তৰ্গত ভাণ্ডাৰপাদৰ গাঁৱৰ সমীপৰ এখন অৰণ্যত পুৱা জিলা ৰিজাৰ্ভ গাৰ্ডৰ এটা দলে নক্সাল বিৰোধী অভিযান চলায় আৰু প্ৰচণ্ড গুলীয়াগুলী হয় বুলি আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জানিবলৈ দিয়ে ।
পুৱা প্ৰায় ৭: ৩০ বজাত টহলদাৰী আৰক্ষীৰ দলে অৰণ্যৰ মাজেৰে অভিযান চলাওঁতে দুয়োপক্ষৰ মাজত মুখামুখি গুলীচালনা সংঘটিত হয় বুলি আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে কয় । গুলীয়াগুলী শাম কটাৰ পাছতে উক্ত স্থানৰ পৰা এগৰাকী বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আই জিয়ে জানিবলৈ দিয়ে। সুকমা জিলাৰ পৃথক পৃথক এনকাউণ্টাৰত বিগত দহ দিনৰ ভিতৰত এয়া তৃতীয়টো এনে ঘটনা ।
নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নক্সাল সদস্যৰ নিহত
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_6426a3707137d7144cbcb0208e1706b6.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)