অসমৰ বানক জটিল দুৰ্যোগ ৰূপে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। চলিত বৰ্ষত এতিয়ালৈকে অহা দুয়োটা বানত অসমৰ বিস্তৰ ক্ষতি হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ইয়াক জটিল দুৰ্যোগ ৰূপে ঘোষণা কৰি যাৱতীয় সহায়-সহযোগিতা আগবঢ়াই আছে। শনিবাৰে জনতা ভৱনত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাৰ কোনো থল নাই আৰু সেয়ে কেন্দ্ৰই জটিল দুৰ্যোগ ঘোষণা কৰি পাৰ্যমানে সহায় কৰি আছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই জনোৱা অনুসৰি এইবাৰৰ বানত যথেষ্ট ক্ষতি হৈছে। সেই অনুসৰি ৩৪ খন জিলাৰ প্ৰায় ৯০ লাখ লোক বানত আক্রান্তহৈছিল। ভূমিস্খলন আৰু বানত এতিয়ালৈকে মুঠ ১৯৫ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। এয়া এতিয়ালৈকে অসমত বানত মৃত্যু হোৱা লোকৰ সৰ্বাধিক সংখ্যা। ৩৭ গৰাকী লোক বৰ্তমানেও সন্ধানহীন। দুখজনভাৱে এইবাৰৰ বানত ৫৪,৮৩৭ টা পোহনীয়া জন্তুৰ মৃত্যু হৈছে। বিনষ্ট হোৱা কৃষিভূমিৰ পৰিমাণ ২.৪০ লাখ হেক্টৰ। বানৰ সময়ত প্ৰায় ৭.৪২ লাখ লোক আশ্ৰয় শিবিৰত আছিল। 

বানত ক্ষতিগ্ৰস্ত ১,৮৯,৭৫২ টা পৰিয়াললৈ ৩,৮০০ টকাকৈ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। একেদৰে শনিবাৰে বানত পাঠ্যপুথি, পঢ় সামগ্ৰী হেৰুওৱা ১,০১,৫৩৯ গৰাকী শিক্ষৰ্থীক ১,০০০ টকাকৈ বেংক একাউণ্ট যোগে প্ৰদান কৰে মুখ্যমন্ত্ৰী ড°শৰ্মাই। আনহাতে বানত ২৫,৬৭০টা বাসগৃহ সম্পূৰ্ণৰূপে আৰু ২,৭৮,২৬০ টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এইসকল লোককো ১৫বা ১৬ আগষ্টৰ ভিতৰত চৰকাৰে ধন প্ৰদান কৰিব। ইয়াৰ পিছতেই চৰকাৰে আন্তঃগাঁথনি ক্ষতিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বন্যাৰ্তক সাহায্য সামগ্ৰীৰ পৰা ক্ষতিপূৰণ প্ৰদানলৈ এতিয়ালৈকে ব্যয় হোৱা ধনৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা বুলিও প্ৰকাশ।