সোমবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ইন্টোজা আৰক্ষী থানা এলেকাত এখন ট্ৰেক্টৰ ট্ৰলী পুখুৰীত বাগৰি পৰাৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

জিলা দণ্ডাধীশে এই খবৰ নিশ্চিত কৰিছে।

আনহাতে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত এই পযৰ্ন্ত ৩৬ জনতকৈও অধিক লোকক নিৰাপদে উদ্ধাৰ কৰিছে। এতিয়াও যুদ্ধসদৃশ গতিত অব্যাহত আছে উদ্ধাৰ অভিযান।

শাৰদীয় নৱৰাত্ৰীৰ প্ৰথম দিনটোত সীতাপুৰৰ অটাৰিয়াস্থিত টিকোলী গাঁও নিবাসী এজন লোকৰ পুত্ৰৰ চূড়াকৰণৰ বাবে ইণ্টোজাস্থিত ঊনই দেৱী মন্দিৰলৈ গৈ আছিল এই লোকসকল।

কিন্তু মন্দিৰ পোৱাৰ পূৰ্বে এখন নিয়ন্ত্ৰণহীন ট্ৰাকে ট্ৰেক্টৰৰ ট্ৰলীত খুন্দিওৱাত ট্ৰেক্টৰখন এটা পুখুৰীত বাগৰি পৰে।

এই অত্যন্ত ভয়াৱহ দুৰ্ঘটনাটো সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোকপ্ৰকাশ কৰি মৃতকৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।