আৰক্ষীয়ে ৰাখিছে গৰু। বেপাৰী হল সৰু : 

জেংৰাইমুখ আৰক্ষীৰ বিশেষ সফলতা। 

 বালিচাপৰি ঘাটৰ পৰা ত্ৰিশ তাতকৈ অধিক গৰু: 

মাজুলীৰ পৰা গোপনে গৰু যায় বাংলাদেশলৈ।

  মাজুলী জেংৰাইমুখ থানা অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা আজি বিয়লি জেংৰাইমুখ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত যোৱা এটি দলে তিনি জনকৈ গৰু বেপাৰী সহ ত্ৰিশ তাতকৈ অধিক গৰু আটক কৰে।এক গোপন সূত্ৰ পম খেদি জেংৰাইমুখ আৰক্ষীয়ে ৰচিদ বিহীন এই গৰু সমূহ থানালৈ আনে। জানিব পৰা মতে গৰু সমূহ গোগামুখৰ পৰা ব্যৱসায়ৰ বাবে মাজুলীলৈ আনিছিল ।ইতিমধ্যে জব্দ কৰা গৰু সমূহ জিলা প্ৰশাসনৰ অধিনৰ পাউণ্ডলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।উল্লেখ যে মাজুলীৰ পৰা অবৈধ ব্যৱসায়ীয়ে বিভিন্ন সময়ত এইদৰে গৰু যোৰহাট , লাক্ষীমপুৰ আৰু বোকাখাতলৈ সৰবৰাহ কৰি আহিছে।। অন্যহাতে আৰক্ষীয়ে জনোৱা মতে এই গৰু সমূহ অবৈধ ভাৱে বিভিন্ন সময়ত বাংলা দেশলৈ প্ৰেৰণ কৰি আহিছে ৷ গৰু বেপাৰী কেইটাৰ পৰা সাংবাদিকে এই ব্যৱসায় সম্পৰ্কে জানিব বিচৰাত মাজুলীৰ পৰাই বৃহৎ গৰু বেপাৰ চলাই থকা বুলি জনাই ৷