শাসকীয় চৰকাৰখনে জাতিক চূড়ান্ত প্ৰতাৰণা কৰি ৰাজপাট দখল কৰাৰ পাচত শেহতীয়াকৈ সমগ্ৰ অসমখনকেই বণিক গোষ্ঠীৰ হাতত বিক্ৰী কৰি দিব বিচাৰিছে৷ তৈল মৰ্দনৰ ৰাজনীতিৰে ৰাজ্যৰ প্ৰতিটো সম্পদ বিক্ৰী কৰি অসমৰ জনসাধাৰণক লুন্ঠন চলোৱা বিজেপি চৰকাৰখনে অনাগত দিনত নিজৰ মাতৃভূমিক বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰিব ৷ প্ৰকৃত জাতীয়তাবাদী ভাৱাসম্পন্ন জনসাধাৰণে বিজেপি চৰকাৰৰ এনে জাতি বিদ্বেষী কাৰ্যকলাপ কেতিয়াও মানি নলয়৷ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে অসমীয়া মানুহে অবিৰত সংগ্ৰাম চলাই যাব৷’---' এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ অসম জাতীয় পৰিষদ আৰু দলটোৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ আজিৰ প্ৰতিনিধি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি এনেদৰে চৰকাৰক কঠোৰ সমালোচনা কৰে আঞ্চলিকতাবাদী নেতাগৰাকীয়ে৷ মাহমৰাৰ কচুমাৰিস্থিত বহুমুখী ভৱনত দলটোৰ জিলা সমিতিৰ সভাপতি মানিক গগৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখনত উপস্থিত থকা অজাপৰ সভাপতিগৰাকীয়ে লগতে কয় যে– অসমৰ খিলঞ্জীয়া জনসাধাৰণক চৰম প্ৰতাৰণা কৰি শাসকীয় চৰকাৰখনে একপক্ষভাৱে সকলো সিদ্ধান্ত গ্ৰহণ কৰি নৰেন্দ্ৰ মোদীৰ নিদেৰ্শ মৰ্মে কাম কৰি আহিছে৷ অসমৰ অভিভাৱক হ’বলৈ মোদীক কোনেও অধিকাৰ দিয়া নাই বুলি উল্লেখ কৰি ক্ষমতালোভী চৰকাৰখনে নিজৰ ক্ষমতাত বলিয়ান হৈ গ্ৰহণ প্ৰতিটো হঠকাৰী কাৰ্যৰ এদিন নহয় এদিন ফল ভোগ কৰিব লাগিব বুলিও লগতে কয় গগৈয়ে৷ প্ৰতিনিধি সভাখনত অজাপৰ সভাপতি গৰাকীৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিদ্বয় প্ৰাক্তন বিধায়ক অনুপ ফুকন আৰু ইজৰাইল নন্দই সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি দিপাংকৰ সোণোৱাল, অজাপৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক দ্বীপ পেগু, সাংগঠনিক সম্পাদকদ্বয় ৰঞ্জন কোঁৱৰ আৰু টংকেশ্বৰ কোঁৱৰ, শ্ৰম শক্তিৰ সভাপতি ৰাজেন গগৈকে ধৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত থাকে৷ ইফালে বাতৰি লিখা পৰলৈকে দলটোৰ বিষয়বাছনী সভা সমাপ্ত হোৱা নাই। আনহাতে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা সমিতিৰ সভাপতি মাণিক গগৈয়ে আৰু স্মৃতি তৰ্পণ্ কাৰ্যসূচী মুকলি কৰে সম্পাদক বিপুল কুমাৰ ফুকনে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম অৰুনাচল প্ৰদেশ সীমান্ত শদিয়াত দুৰ্গা পূজাৰ মণ্ডপত প্ৰাকৃতি সুৰক্ষাৰ এক মনোমহা দৃশ্য ।
অসম অৰুনাচল প্ৰদেশ সীমান্ত শদিয়াত দুৰ্গা পূজাৰ মণ্ডপত প্ৰাকৃতি সুৰক্ষাৰ এক মনোমহা দৃশ্য ।
सर्पमित्र सुरेश साळवे. यांनी अजगराला विहिरीतून बाहेर काढत दिले जीवनदान
सर्पमित्र सुरेश साळवे. यांनी अजगराला विहिरीतून बाहेर काढत दिले जीवनदान खुलताबाद ता.येथील गट क्र...
ED raids gaming app firm, unearths Rs. 18 crore
The Enforcement Directorate (ED) raided six locations in Kolkata over allegations of money...
માધવપુરા પો.સ્ટે.માં દાખલ થયેલ ખુનની કોશીષના ગુન્હામાં નાસતા ફરતા
આરોપીને નરોડા-દહેગામ રોડ ડી માર્ટ સામે જાહેર રોડ પરથી ઝડપી પાડતી અમદાવાદ શહેર, ક્રાઇમ બ્રાન્ચ. ટીમ
નાસતા ફરતા આરોપી મોહમંદ શોએબ
અબ્દુલ રશીદ અન્સારી, રહે.૩૩/૧૫, વોરાની ચાલી, ઇદગાહ બ્રીજ નીચે,...