দেওমৰনৈত অসম কবি সমাজৰ শাখা সমিতি গঠণ

অসম কবি সমাজৰ দৰং জিলা সমিতিৰ অন্তৰ্গত দেওমৰনৈ শাখা সমিতি খন দেওবাৰে গঠন কৰা হয়। সেই উপলক্ষে দেওমৰনৈ  সাহিত্য সভা ভৱনত সাংবাদিক নৱজিৎ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ্য় এখন সাধাৰণ সভা। সভাত সাংবাদিক নৱজিৎ শৰ্মাক সভাপতি,দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক পল্লৱ বৰুৱা, অধ্যাপিকা অনিতা দেৱী, সাংবাদিক দিব্যজ্যোতি শৰ্মাক উপ-সভাপতি, উদীয়মান লেখক অপূৰ্ব শৰ্মাক সম্পাদক,  দেৱজিৎ শৰ্মা,কৌস্তৱ কলিতা, তন্ময় বনিয়াক সহকাৰী সম্পাদক, বনজিৎ ডেকা, চিন্তু নাথ,মৃগাংক চলিহা, জিন্তু বনিয়াক সাংগঠনিক সম্পাদক আৰু পলাশ শৰ্মাক প্ৰচাৰ সম্পাদক হিচাপে লৈ দেওমৰনৈ শাখা কবি সমাজ গঠন কৰা হয়। সভাত দৰং জিলা কবি সমাজৰ প্ৰধান সম্পাদক জয়ন্ত ৰাজবংশী, দেওমৰনৈ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক সৰ্বানন্দ শৰ্মা, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ সম্পাদক দিব্যজ্যোতি শৰ্মাই অংশ গ্ৰহণ কৰে।