সোণাৰিত বিজেপি দলত কিয় যোগদান কৰিলে বিভিন্ন দল-সংগঠনৰ প্ৰাক্তন কৰ্মকৰ্তাসকলে।

সোণাৰিত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ অলপতে ডেৰকুৰিৰোধিক লোকে দলটোত যোগদান কৰে। এই উদ্দেশ্যে সোণাৰিত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰাক্তন আটাছু নেতা তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সদ্যপ্ৰাক্তন নেতা গণেশ বৰগোহাঞিৰ নেতৃত্বত বিজেপি দলত যোগদান কৰে বিভিন্ন দল-সংগঠনৰ লোকসকলে। সংগ্ৰামী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া জিতু বড়ায়ো যোগদান কৰে বিজেপিত। এই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত এপিজিচিএলৰ সঞ্চালক মণ্ডলীৰ অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন উপ পৌৰপতি গিৰিণ গগৈৰ লগতে বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।