কেকুঁৰি পমুৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা শিবিৰ উদ্বোধন সাংসদ প্ৰদান বৰুৱাৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ কৰা সেৱা প্ৰক্ষেক কাৰ্যসূচীৰ অংশ হিচাপে আজি ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ অন্তগত দাংধৰা অঞ্চলৰ কেকুঁৰি পমুৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুস্থিত কৰা হয় এক স্বাস্থ্য সেৱা শিবিৰ ৷ ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখনা জিলা সমিতি আৰু মণ্ডল সমিতিৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা মণ্ডল সমিতি আৰু ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুস্থিত কৰা স্বাস্থ্য সেৱা শিবিৰ উদ্বোধন কৰি সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে পষেক জোৰা কাৰ্যসুচীৰে উপযুক্ত স্বাস্থ্য সেৱাৰ সুবিধা নথকা অঞ্চল সমুহত স্বাস্থ্য সেৱা শিবিৰ অনুস্থিত কৰি ৰাইজক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা বুলিও অৱগত ৷ উদ্বোধনী অনুস্থানত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে ঢকুৱাখনাৰ পৌৰপতি ৰাজীৱ দাসৰ লগতে বহুসংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ৷