মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত টকুনাবড়ীত ভয়ংকৰ অগ্নিকাণ্ড।

টকুনাবড়ী গাঁৱৰ হেদায়ৎ উল্লাহ নামৰ ব্যক্তি জনৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। 

অগ্নিকাণ্ডত দুটা ঘৰ জাহ যোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিকাণ্ডত জাহ যোৱাৰ সন্দেহ কৰা হৈছে যদিও স্পষ্টভাৱে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ‌।

বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিতৰ বাবেই অগ্নিকাণ্ড হোৱাৰ সন্দেহ ।

দুখনকৈ অগ্নি নিৰ্বাপকবাহিনীৰ বাহন আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন চেষ্টা চলোৱা হৈছে যদিও জুই সম্পূৰ্ণকৈ নিৰ্বাপন কৰিব পৰা হোৱা নাই

কেইবা লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে দুটাকৈ ঘৰ জুইত ভস্মীভূত হৈছে ।