বাক্সা: বিভিন্ন জাতি জনজাতি, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সাহিত্য সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে সমন্বয় সাধনা কৰি অসমীয়া ভাষাৰ লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব ভাষাত সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা নতুন প্ৰজন্মক এখন উপযুক্ত মঞ্চ কৰিবলৈ প্ৰয়াস কৰি জন্ম লাভ কৰিছিল "সাহিত্য সাধনা মঞ্চ, অসম"। আজি বাক্সা জিলাৰ চৰাইমাৰীত সাহিত্য সাধনা মঞ্চ, অসমৰ বাক্সা জিলা সমিতি আৰু চৰাইমাৰী আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কবি বৰষা কাশ্যপ, ৰাজীৱ তালুকদাৰ আৰু প্ৰণৱ কুমাৰ দাসৰ আহ্বানত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক অনিল চন্দ্ৰ কাকতিয়ে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাসৰ উপস্থিতিত অনিল কলিতাক সভাপতি আৰু ভৃগু ৰয়ক সম্পাদক হিচাপে লৈ ৮ জনীয়া বাক্সা জিলা সমিতিখন গঠন কৰা হয়। লগতে একেখন সভাতে কিশোৰী মোহন শৰ্মাক সভাপতি আৰু জিপু দত্তক সম্পাদক হিচাপে লৈ ৭ জনীয়া চৰাইমাৰী আঞ্চলিক সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম কবি জিণ্টু নাথক সাহিত্য সাধনা মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ সভাত সভাপতিৰ আসন অলংকৃত কৰা সু-সাহিত্যিক, শিক্ষাবিদ অনিল চন্দ্ৰ কাকতিয়ে কয় যে বৰ্তমানৰ নৱ-প্ৰজন্ম সাহিত্যৰ দিশত ধাৱমান হ'বলৈ হ'লে সাধনা কৰিব লাগিব। কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ তালুকদাৰে আঁত ধৰা উক্ত অনুষ্ঠানত বাণীমন্দিৰ উচ্চ-মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী তামুলী হালৈ, ৰামপুৰ নিবাসী কবি গৌতম ৰাভাকে আদি কৰি অঞ্চলটোৰ অৰ্ধ শতাধিক জ্যেষ্ঠ-কনিষ্ঠ সাহিত্যনুৰাগী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આવનાર દિવસોમાં રામુ પંજાબી,કુત્બુદ્દીન રાવત બંન્ને ઈસમો પોલીસની પકડમાં આવશે તો અનેક રહસ્યો બહાર આવવાની શક્યક્તાઓ પણ વ્યક્ત કરવામાં આવી રહી છે
દાહોદમાં નકલી બિન ખેતી પ્રકરણમાં માસ્ટર માઈન્ડ રામકુમાર સેવકરામ પંજાબી (રામુ પંજાબી) અને...
TVS Jupiter 110 नए अवतार में जल्द मार सकता है एंट्री, फीचर्स से लेकर डिजाइन तक होंगे ये संभावित बदलाव
TVS मोटर कंपनी भारतीय बाजार में अपडेटेड Jupiter 110 पेश करने की योजना बना रही है। डिजाइन की बात...
FunTouchOS 15 बीटा वर्जन लॉन्च, वीवो के इन स्मार्टफोन को सबसे पहले मिलेगा Android 15 अपडेट
वीवो जल्द ही अपने स्मार्टफोन्स के लिए Android 15 पर आधारित FunTouchOS 15 का अपडेट रोलआउट करेगा।...
ઘોઘા તાલુકા પંચાયત કચેરી ખાતે તા.૧૭ ને સોમવારે લાભાર્થીઓને આયુષ્યમાન કાર્ડ વિતરણ કાર્યક્રમ યોજાશે
ઘોઘા તાલુકા પંચાયત કચેરી ખાતે તા.૧૭ ને સોમવારે લાભાર્થીઓને આયુષ્યમાન કાર્ડ વિતરણ કાર્યક્રમ યોજાશે