বাক্সা: বিভিন্ন জাতি জনজাতি, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সাহিত্য সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে সমন্বয় সাধনা কৰি অসমীয়া ভাষাৰ লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব ভাষাত সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা নতুন প্ৰজন্মক এখন উপযুক্ত মঞ্চ কৰিবলৈ প্ৰয়াস কৰি জন্ম লাভ কৰিছিল "সাহিত্য সাধনা মঞ্চ, অসম"। আজি বাক্সা জিলাৰ চৰাইমাৰীত সাহিত্য সাধনা মঞ্চ, অসমৰ বাক্সা জিলা সমিতি আৰু চৰাইমাৰী আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কবি বৰষা কাশ্যপ, ৰাজীৱ তালুকদাৰ আৰু প্ৰণৱ কুমাৰ দাসৰ আহ্বানত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক অনিল চন্দ্ৰ কাকতিয়ে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাসৰ উপস্থিতিত অনিল কলিতাক সভাপতি আৰু ভৃগু ৰয়ক সম্পাদক হিচাপে লৈ ৮ জনীয়া বাক্সা জিলা সমিতিখন গঠন কৰা হয়। লগতে একেখন সভাতে কিশোৰী মোহন শৰ্মাক সভাপতি আৰু জিপু দত্তক সম্পাদক হিচাপে লৈ ৭ জনীয়া চৰাইমাৰী আঞ্চলিক সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম কবি জিণ্টু নাথক সাহিত্য সাধনা মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ সভাত সভাপতিৰ আসন অলংকৃত কৰা সু-সাহিত্যিক, শিক্ষাবিদ অনিল চন্দ্ৰ কাকতিয়ে কয় যে বৰ্তমানৰ নৱ-প্ৰজন্ম সাহিত্যৰ দিশত ধাৱমান হ'বলৈ হ'লে সাধনা কৰিব লাগিব। কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ তালুকদাৰে আঁত ধৰা উক্ত অনুষ্ঠানত বাণীমন্দিৰ উচ্চ-মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী তামুলী হালৈ, ৰামপুৰ নিবাসী কবি গৌতম ৰাভাকে আদি কৰি অঞ্চলটোৰ অৰ্ধ শতাধিক জ্যেষ্ঠ-কনিষ্ঠ সাহিত্যনুৰাগী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মানকাচৰৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত স্তনপান সপ্তাহ উদযাপন
মানকাচৰ সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত বিশ্ব স্তন পান সপ্তাহ উদযাপন।
নৱজাতকক কেনেকৈ...
नशा मुक्त भारत अभियान के तहत पाटकाई मोटरसाइकिल रैली का आयोजन
अरुणाचल प्रदेश के लोंगडिंग जिले में नशा मुक्त भारत अभियान के तहत पाटकाई मोटरसाइकिल रैली का आयोजन...
कोटा में 41 हजार से अधिक वोटों से जीते ओम बिरला.chambalsandesh
कोटा में 41 हजार से अधिक वोटों से जीते ओम बिरला
સુરતનાં નાના મોટા હીરાનાં કારખાનાઓ આજથી શરૂ થશે
સુરતમાં દિવાળીના એક સપ્તાહ પૂર્વથી વેકેશનનો પ્રારંભ કરનાર સુરતના 4000 જેટલા નાના અને મધ્યમ હરોળના...
વેજલપુર પોલીસ સ્ટેશનના અપહરણના ગુન્હામાં નાસતા ફરતા આરોપી તથા ભોગબનનારને શોધી કાઢતી પંચમહાલ પેરોલ-ફર્લો સ્કવોર્ડ
પંચમહાલ પેરોલ ફર્લો સ્કવોર્ડના એ.એસ.આઈ. હાર્દિકકુમાર કાનાભાઈને હ્યુમન સોર્શીસ દ્વારા બાતમી મળી...