'মাজুলী মহাবিদ্যালয়ে মাজুলীৰ ঐতিহ্য প্ৰতিফলিত কৰাৰ দায়িত্ব ল'ব লাগিব' -- মহাবিদ্যালয় পৰিচালনা সমিতি সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই ইচ্ছা প্ৰকাশ প্ৰকাশ ড° পীতাম্বৰ দেৱ গোস্বামীৰ

: ২২ ছেপ্তেম্বৰ; মাজুলীৰ প্ৰথমখনি উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ক এখনি বিশেষ মৰ্যাদাৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাৰ আশা ব্যক্ত কৰিলে মাজুলী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিযুক্ত আউনীআটীয় সত্ৰাধিকাৰ ড° পীতাম্বৰদেৱ গোস্বামীয়ে। অতি ব্যস্ততাৰ মাজতো আজি বিয়লি ৪-৩০ বজাত মহাবিদ্যালয়খনিত উপস্থিত হৈ প্ৰতিটো শ্ৰেণীকোঠা, পুথিভঁৰাল, প্ৰশাসনিক কাৰ্যালয় আৰু মহাবিদ্যালয়খনিৰ চাৰিওপাশে পৰিদৰ্শন কৰি সভাপতি হিচাপে তেখেতৰ মনৰ ভাব ব্যক্ত কৰিলে মহাবিদ্যালয়খনিৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু কৰ্মকৰ্তাৰ ওচৰত। মহাবিদ্যালয়খনিৰ চৌহদ প্ৰাকৃতিক পৰিবেশেৰে পূৰ্ণ কৰাৰ লগতে পৰিষ্কাৰ- পৰিচ্ছন্নকৈ ৰখা আৰু মহাবিদ্যালয়খনিয়ে সমগ্ৰ মাজুলীৰ তথ্য সম্বলিত প্ৰতিফলন ঘটাব পৰা কৰ্মৰ ওপৰত গুৰুত্ব দি সত্ৰাধিকাৰ গৰাকীয়ে কয়, অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক পৰিবেশৰ প্ৰতিনিধিত্ব কৰা জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি সকলো মাজুলী মহাবিদ্যালয়ে প্ৰতিফলিত কৰিব লাগিব। মহাবিদ্যালয়খনিৰ বিভাগসমূহ আৰু প্ৰশাসনিক ভৱন শ্ৰেণীকোঠাৰ পৰা ধৰি সকলোবোৰ তথ্য মহাবিদ্যালয়খনত প্ৰৱেশ কৰিয়ে যাতে অচিনাকি ব্যক্তিয়েও জানিব পাৰে তাৰবাবে প্ৰযুক্তিগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে মহাবিদ্যালয়ৰ পৰিয়ালক৷ মাজুলীৰ কলা সংস্কৃতি জাতি জনগোষ্ঠীৰ বৈচিত্ৰময় ৰূপ এটা কোঠাত সুৰক্ষিত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ পৰিকল্পনাৰ বিষয়ে সভাপতি ড° গোস্বামীয়ে প্ৰকাশ কৰে৷ লগতে কয়, আমাৰ কাৰ্যকালত এইবোৰ কৰ্মৰ বাবে মহাবিদ্যালয়ৰ পুঁজিৰ অভাৱ হ’ব পাৰে, কিন্তু আমি এনে কাম কৰিব লাগিব যাক দেখি চৰকাৰ আৰু স্বেচ্ছাসেৱী অনুষ্ঠানসমূহেও পুঁজি যোগানৰ বাবে আগবাঢ়ি আহিব। ১৯৬২ চনত প্ৰতিস্থিত মহাবিদ্যালয়খনিৰ আউনীআটী সত্ৰৰ বদান্যতাৰে আৰম্ভ কৰা মহাবিদ্যালয়ৰ গৃহটি যিহেতু ব্যৱহাৰৰ অনুপযোগী হোৱাৰ উপক্ৰম হৈছে, এইক্ষেত্ৰতো ৰাইজৰ সেৱক হিচাপে কিছু প্ৰচেষ্টা ল’ব লাগিব বুলিও তেওঁ উল্লেখ কৰে। অসম তথা ভাৰতবৰ্ষৰ ধৰ্মানুষ্ঠান, শিক্ষানুষ্ঠান ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাৰে তেওঁ মাজুলীৰ প্ৰাচীনতম অনুষ্ঠানটি সুন্দৰ পৰিকল্পনাৰে গঢ় দিয়াৰ ইচ্ছা প্ৰকাশ কৰে৷ মহাবিদ্যালয়খনিত বৰ্তমানৰ কলা আৰু বিজ্ঞানৰ উপৰিও বাণিজ্য বিভাগটিৰো সংযোজন ঘটাই পূৰ্ণাংগ ৰূপত যাতে সকলো বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰে সেই বিষয়েও তেওঁৰ মনৰ কথা ব্যক্ত কৰে৷ মহাবিদ্যালয় পৰিদৰ্শন কালত মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দেৱজিৎ শইকীয়াই নৱ নিযুক্ত সভাপতিগৰাকীক স্বাগতম জনোৱাৰ লগতে মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত তেওঁৰ পৰা যথোচিত পৰামৰ্শ লাভ কৰিব বুলি অাশা ব্যক্ত কৰে। লগতে বিগত কালছোৱাত বিদায়ী সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াৰ পৰা লাভ কৰা সৰ্বতোপ্ৰকাৰৰ সহযোগৰ লাভ কৰাৰ কথাও উল্লেখ কৰে। মহাবিদ্যালয়ৰ অধ্যাপক তুলসী ৰাজখোৱা, ড: অনুপ কুমাৰ দলে, জ্যেষ্ঠ সাংবাদিক ডিম্বেশ্বৰ দত্ত, কৰ্মচাৰীসকলৰ প্ৰমুখ্যে বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি নৱনিযুক্ত সভাপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰে । সত্ৰাধিকাৰগৰাকীয়ে আগ বঢ়োৱা পৰামৰ্শাৱলীক আদৰণি জনাই অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই তেনে পৰিকল্পনা যৎপৰোনাস্তি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে৷