সোণাৰিৰ টাউকাকত বন্দুক, সজীৱ গুলি সহ আলফা সদস্য ধৃত

চৰাইদেউ জিলাৰ অসম নাগালেণ্ডৰ সীমান্তত বন্দুক সহ আলফা সদস্য ধৃত

চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাউকাক চাহ বাগিচাত সেনা আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে আজি বন্দুক আৰু সজীৱ গুলি সহ এজন আলফা সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা আলফা সাদস্যজনৰ নাম খঞ্জন নাথ (২৪)আৰু তাৰ ঘৰ বৰপেটা জিলাৰ ফুলগুৰিত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে টাউকাক চাহ বাগিচা অঞ্চলত থকা এটা ক্ৰেছাৰ মেচিনৰ কাষত থকা এটা ঘৰত আশ্ৰয় গ্ৰহণ কৰি অৱস্থাত আলফা সাদস্যজনক আটক কৰা হয়। পৰৱৰ্তী সময়ত তালাচিত আলফা সদস্য জনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, তিনি জাই সজীৱ গুলি, এটা মোবাইল উদ্ধাৰ কৰা হয়। বৰ্ত্তমান আলফা সদস্য জনক সোণাৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।