অসম সত্ৰ মহাসভাৰ দ্বাৰা পৰিচালিত বৰমপুৰ (সৰু ঔতলা) সংগীত মহাবিদ্যালয় আৰু বিষ্ণু প্ৰভূ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ শনিবাৰে পুৱা সামৰণি পৰে। বৰমপুৰ সংগীত মহাবিদ্যালয় আৰু বিষ্ণু প্ৰভূ সেৱাশ্ৰমৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শুক্ৰবাৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । সেই উপলক্ষে শুক্ৰবাৰে পুৱা বন্তি প্ৰজ্বলন,ধৰ্মধ্বজ উত্তোলন আৰু প্ৰসঙ্গ পাঠৰ পিছতে উলিওৱা ভাগৱত শোভাযাত্ৰা । ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড' ৰঞ্জিত হাজৰিকাই। সংগীত মহাবিদ্যালয় আৰু আমন্ত্ৰিত শিল্পীয়ে পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় ধৰ্মালোচনী সভা । অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত সভাত অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সদস্যদ্বয় কনক চন্দ্ৰ তালুকদাৰ আৰু বাবুল চন্দ্ৰ ডেকা,অসম চৰকাৰৰ অৱৰ সচিব বালিৰাম নাথ, দৰ্শন বৰুৱা, হেমন্ত কুমাৰ বায়নে অংশগ্ৰহণ কৰে। উক্ত সভাত দৰঙী কলা সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ব্যাস সংগীতৰ শিল্পী ৰুদ্ৰমণি নাথক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। নিশা ৮-০০ বজাৰ পৰা আৰম্ভ হয় ভাগৱত পাঠ। শনিবাৰে পুৱা প্ৰাতঃ প্ৰসঙ্গৰ পিচতে ভাগৱত পাঠৰ সামৰণি পৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગીર સોમનાથ ગણિત વિજ્ઞાન અને પર્યાવરણનું જિલ્લા કક્ષાનું પ્રદર્શન@live24newsgujarat
ગીર સોમનાથ ગણિત વિજ્ઞાન અને પર્યાવરણનું જિલ્લા કક્ષાનું પ્રદર્શન@live24newsgujarat
Mixed Martial Arts Pakistan: पाकिस्तान की औरतों में बढ़ता 'एमएमए' का क्रेज़ (BBC Hindi)
Mixed Martial Arts Pakistan: पाकिस्तान की औरतों में बढ़ता 'एमएमए' का क्रेज़ (BBC Hindi)
बीड जिल्ह्यात आज एक कोरोना पॉझिटिव्ह
बीड जिल्ह्यात आज एक कोरोना पॉझिटिव्ह
Bata New Business Deal: Authentic Brands Group के साथ कंपनी ने किया करार, Stock पर दिखेगा असर?
Bata New Business Deal: Authentic Brands Group के साथ कंपनी ने किया करार, Stock पर दिखेगा असर?