মৰাণ  জৱাহৰ নবোদয় বিদ্যালয়ত ৰিজিঅনেল পৰ্য্যায়ত ফুটবল Meet অনুষ্ঠিত  হ'ল। মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ দুটাকৈ ফুটবল দলে অংশ ল'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত l

মৰাণ ডোমৰদলং স্থিত জৱাহৰ নবোদয় বিদ্যালয়ত ২১, ২২ আৰু ২৩ ছেপ্তেম্বৰত তিনিদিনীয়া কায্যসূচীৰে ৰিজিঅনেল পৰ্য্যায়ত ফুটবল সমাৰোহ অনুষ্ঠিত হয়।।উত্তৰ পূৱৰ আঠখন ৰাজ্যৰ আঠটা ক্লাষ্টাৰক্ৰমে বঙাইগাঁও। গোৱাল পাৰা, হাইলাকান্দি ,পশ্চিম ইম্ফল কহিমা শোণিতপুৰ, ডিব্ৰুগড় গোলাঘাট, ৰ দলে অংশ গ্ৰহন।কৰে। আজিঅনুষ্ঠিত চূড়ান্ত খেলত ১৭ বছৰৰ অনুৰ্দ্ধৰ ছোৱালী আৰু ১৯ অনুৰ্দ্ধৰ ল'ৰাৰ শাখাত ডিব্ৰুগড়  জৱাহৰ নৱোদয় বিদ্যালয় আৰু ১৪ আৰু ১৭ বছৰ ল'ৰাৰ শাখাত মণিপুৰ দলে জয়লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুস্থিত হব লগা প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিবলৈ নিৰ্বাচিত হৈছে।