চৰাইদেউ জিলা কাৰাগাৰত চিকিৎসা শিবিৰ 

ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত, ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত, চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকাল়য়ৰ তত্বাৱধানত আজি সোণাৰিস্থিত চৰাইদেউ জিলা কাৰাগাৰত এখন বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। 

চৰাইদেউ জিলাৰ আয়ুসৰ নডেল বিষয়া তথা চিকিৎসক ডা: ধ্ৰুৱলোচন নাথৰ নেতৃত্বত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰটোত যোগ শিক্ষক দীপক গগৈ, ৰিনিজিনি খনিকৰ, যোগ সহায়ক হিৰন্ময় বুঢ়াগোহাঁইৰ লগতে চিকিৎসাকৰ্মী বিনয়জিৎ দৈমাৰী, আৰু অলকেশ বৈশ্যই সহযোগিতা আগবঢ়ায়। 

আজিৰ শিবিৰত জিলা কাৰাগাৰৰ ৩০ জনৰো অধিক কাৰাবাসীৰ উচ্চতা, ওজন, ৰক্তচাপ, ৰক্তৰ শৰ্কৰা আদি জোখাৰ লগতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।  

দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত চিকিৎসা শিবিৰটো জিলা কাৰাগাৰৰ কাৰাগাৰ অধীক্ষক ধ্ৰুৱ জ্যোতি বৰুৱাই শুভাৰম্ভ কৰাৰ লগতে কাৰাগাৰৰ চিকিৎসক ডা: পল্লৱ নয়ন গগৈ, ভাৰপ্ৰাপ্ত কাৰাধ্যক্ষ ভাস্কৰ হাজৰিকা আৰু কাৰাগাৰৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায়। 

আজিৰ চিকিৎসা শিবিৰত ৰোগ নিৰাময় আৰু সুস্বাস্থ্য ৰক্ষাৰ বাবে যোগ তথা শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।