অসম আৰক্ষীয়ে শুকুৰবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ আৰু এজন নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা সদস্যজনক পশ্চিম বংগৰ ৰাজ্যিক সভাপতি মিনাৰুল শ্বেইখ বুলি চিনাক্ত কৰা হৈছে।
শেহতীয়া এই গ্ৰেপ্তাৰৰ লগে লগে অসম আৰক্ষীয়ে এতিয়ালৈকে পি এফ আইৰ ১১ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে।
ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য বজৰুল কৰিমৰ সৈতে মিনাৰুল শ্বেইখক আজি বিয়লি গুৱাহাটীৰ চি জে এম আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১০ গৰাকী পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে আঠজন সদস্যক পাঁচদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল।