নাজিৰাৰ লিগিৰীপুখুৰী চাহ বাগিচাৰ সৰবৰাহী মহিলা ৰীনা মানকীৰ অকাল বিয়োগ, অঞ্চলজুৰি শোকৰ বন্যা

লিগিৰীপুখুৰী চাহ বাগিচাৰ এগৰাকী সচেতন সমাজ সেৱিকা, কণ্ঠ শিল্পী তথা ৫ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ ৰীনা মানকীৰ অকাল বিয়োগ । বিগত বৃহস্পতিবাৰৰ দিনা তেখেতে ইহলিলা সম্বৰণ কৰে । দীৰ্ঘদিন ধৰি নানা ধৰণৰ ৰোগত আক্ৰান্ত হৈ থকাৰ মাজতো এগৰাকী সমাজ সেৱিকা হিচাপে নিজৰ ৰোগক ভ্ৰুক্ষেপ নকৰি তেখেতে দহৰ সকে সমাজত এক সুকীয়া পৰিচয় ৰাখি মৃত্যুৰ আগ মুহূৰ্তলৈকে অঞ্চলবাসীৰ সকে কাম কৰি থৈ গৈছে । অসম চাহ জনজাতি ছাত্ৰ সন্থা নাজিৰা শাখাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকাও আছিল প্ৰৰায়ত ৰীনা মানকী । সৰবৰাহী মহিলা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেখেতৰ শুভাকাংশী সকলে ।