আগন্তুক দুৰ্গা পূজা উপলক্ষে চৰাইদেউ জিলাত জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা। 

আগন্তুক দুৰ্গাপূজা উদযাপন সন্দৰ্ভত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা সমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।

জিলাখনৰ পূজা সমিতি সমূহৰ সৈতে হোৱা এই বৈঠকত উপায়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ সময়ত পালন কৰিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে অৱগত কৰে। 

১. পূজা সমিতিসমূহক প্ৰশাসনিক অনুমতি লাভৰ বাবে আবেদন কৰিবলৈ কয়।

২.তেওঁ পূজা সমিতিৰ বিষয়-ববীয়া সকলক প্ৰসাদৰ সামগ্ৰীসমূহ উন্নত তথা স্বাস্থ্যসন্মত ৰখাৰ বাবে আহ্বান জনোৱাৰ লগতে দান-বৰঙনি আহৰণ কৰাৰ সময়ত কোনো বলপূৰ্বক দাবী প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ কয়। 

৩.তেওঁ পৰিৱেশ অনুকূল ভাৱে পূজাৰ আয়োজন কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰাকৃতিক ৰঙ আৰু সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা প্ৰতিমা নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে। 

৪. এইবাৰ পূজা উদযাপনৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই বুলি উল্লেখ কৰে। 

৫. পূজা মণ্ডপত চি চি টিভি (CCTV) লগোৱাৰ লগতে অগ্নি নিৰ্বাপক সামগ্ৰী যেনে- সহজতে কঢ়িয়াই নিব পৰা অগ্নি নিৰ্বাপক যন্ত্ৰ, বালিৰ বেগ, পানী ইত্যাদি মজুত ৰাখিবলৈ কয়। 

৬.পূজাৰ পেণ্ডেল সমূহ প্ৰতিদিনে নিয়মীয়াকৈ পৰিস্কাৰ কৰি ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। 

৭.পূজা পেণ্ডেলৰ ২৪ ঘণ্টাই নিৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ পূজা সমিতি সমূহক স্বেচ্ছাসেৱী নিয়োজিত কৰিবলৈ কয়।

৮. সুৰক্ষাৰ দৃষ্টিৰ পৰা পূজা পেণ্ডেলত বিদ্যুৎ পৰিবাহী তাৰৰ সংযোগ সঠিকভাৱে কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

৯.আগন্তুক দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ প্ৰচেষ্টাৰ প্ৰতি সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰে। 

বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে কয় যে-

১০.পূজা মণ্ডপৰ চাৰিওফালে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ লগতে পূজা সমিতি, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, আৰক্ষী আৰু জিলা প্ৰশাসনৰ জৰুৰীকালীন ফোন নম্বৰ সমূহ পূজা মণ্ডপৰ কাষত সকলোৱে চাব পৰাকৈ আৰি থব লাগিব বুলি জনায়। 

১১. পূজা মণ্ডপত মহিলা আৰু পুৰুষৰ বাবে সুকীয়াকৈ প্ৰৱেশ আৰু প্ৰস্থানৰ বাট ৰাখিবলৈ কোৱাৰ লগতে বাহন ৰখাৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা মজুত ৰাখিবলৈ আহ্বান জনায়। 

১২.বিসৰ্জনৰ দিনা যথাসম্ভৱ দিনে-পোহৰে বিসৰ্জনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈও তেওঁ আহ্বান জনায়। 

অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে বৈঠকত আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। 

বৈঠকত অতিৰিক্ত আৰক্ষী অধীক্ষক দেবর্ষি চৌধুৰীয়ে পূজা সমিতি সমূহক পেণ্ডেলৰ চৌকাশে পৰ্য্যাপ্ত পোহৰৰ ব্যবস্থা, চি চি টিভি সংস্থাপন আদি সুনিশ্চিত কৰাৰ লগতে স্বেচ্ছাসেৱী সকলৰ বিৱৰণ সম্পৰ্কে আগতীয়াকৈ আৰক্ষী বিভাগক অৱগত কৰিবলৈ কয়। তেওঁ শেহতীয়াভাৱে সামাজিক মাধ্যমত প্ৰচাৰিত হৈ থকা সোপাধৰাৰ বাতৰিক উৰাবাতৰি বুলি উল্লেখ কৰি এনেধৰণৰ ভিত্তিহীন বাতৰি পতিয়ন নাযাবলৈ, প্ৰৰোচিত নহ'বলৈ আৰু সামাজিক মাধ্যমত এনেধৰণৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ আবকাৰী বিভাগক এই কেইদিন জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাবলৈও আহ্বান জনায়। 

সভাত পূজা সমিতিৰ বিষয়-ববীয়া সকলে জিলা প্ৰশাসনৰ নিৰ্দেশনা সমূহ পালন কৰাৰ বিষয়ে আশ্বাস প্ৰদান কৰে। 

আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সহকাৰী আয়ুক্তসকল ক্ৰমে- সমুজ্জ্বল বড়া, জাহ্নৱী গোস্বামী আৰু সুপ্ৰভা ৰয়, সাপেখাতীৰ ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল তথা জিলাখনৰ পূজা-সমিতিসমূহৰ সভাপতি-সম্পাদক সকল উপস্থিত থাকে।