প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন নামনি মাজুলীত সেৱা পষেক উপলক্ষে  বিনামূলীয়া স্বাস্থ্য শিবিৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্ম দিৱস উপলক্ষে মাজুলীত ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতিৰ উদ্যোগত যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা জিলাখনত বিভিন্ন কাৰ্যসূচীৰে সেৱাৰ পষেক পালন কৰি আছে । উক্ত সেৱা পষেক উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতিয়ে আজি প্ৰথমটো স্বাস্থ্য শিবিৰ নামনি মাজুলীৰ মাজৰ চাপৰিত অনুষ্ঠিত কৰে ।ভাৰতীয় জনতা পাৰ্টিৰ নামনি মাজুলীৰ মণ্ডলৰ সহযোগত আজি অনুষ্ঠিত উক্ত স্বাস্থ্য শিবিৰ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সভাপতি বীৰেন শইকীয়াই । নামনি মণ্ডল সমিতিৰ সভাপতি লক্ষীকান্ত দাস আৰু সম্পাদক বুদ্ধিন শইকীয়াই আঁত ধৰা শিবিৰত তত্বাৱধায়ক হিচাপে সেৱা পষেকৰ তত্বাৱধায়ক কিৰন মেধি আৰু মাজুলীৰ জিলা পৰিষদৰ উপ-সভাপতি ৰাজশ্বেখৰ দলেয়ে পৰিচালনা কৰে । নামনি মাজুলীৰ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত মাজুলী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ শশীধৰ ফুকন, ডা০ নৰেন জ্যোতি গগৈ, ডা০ ৰনজিত কাগয়ুং আৰু সামূহিক স্বাস্থ্য বিষয়া খগেন পগাগে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে । শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা নামনি মাজুলীৰ উক্ত চিকিৎসা শিবিৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ডিম্পল ভূঞা, পল্লৱী বৈৰাগী, জ্যোতি মালা দেউৰী, সিদ্ধাৰ্থ হাজৰিকা আৰু আশা চুপাৰ ভাইজাৰ পূৰ্ণিমা কলিতাই অংশগ্ৰহণ কৰে । 

     ৰঙাচাহীত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰতো শতাধিক ৰোগীৰ ৰোগ পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয় । উক্ত শিবিৰত পৰ্যবেক্ষক হিচাপে জিলা সভাপতি বীৰেন শইকীয়া উপস্থিত থাকে । ৰঙাচাহীৰ চিকিৎসা শিবিৰত ডা০ অমৃত দলে, সামূহিক স্বাস্থ্য বিষয়া শৰৎ পামেগামে শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰে । উক্ত, চিকিৎসা শিবিৰত , ফাৰ্মাচিষ্ট জীৱন জ্যোতি হাজৰিকা, সুনীল নাথ, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৰুমী দলে, হেম প্ৰভা দলে, পবিত্ৰ শেনচোৱা, পিয়াংকু শইকীয়া আৰু দেৱভূষন দাসে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰে । 

     উক্ত, দুয়োটা চিকিৎসা শিবিৰ সফল ভাৱে ৰূপায়ন কৰা বাবে ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন কমান আৰু মানিক শইকীয়াই চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছে ।