জনজাতিকৰণক লৈ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকিয়নী – চুতীয়া ছাত্র সন্থাৰ

 অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদস্থলীত ছাত্ৰ প্ৰতিনিধিসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷ চুতীয়া জনগোষ্ঠীক শীগ্ৰেই জনজাতি মৰ্যদা প্ৰদান কৰক, জনজাতি আমাৰ জন্মস্বত্ব অধিকাৰ, জনজাতিৰ মৰ্যদা আমাক লাগিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হুঁচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ছাত্ৰ সংগঠনটোৱে চৰকাৰক তীব্ৰ সমালোচনা কৰি চুতীয়া সকলকে ধৰি অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দীৰ্ঘদিন দাবী জনাই অহাৰ পাছতো জনজাতিকৰণ বিষয়টোক লৈ কেৱল ৰাজনীতি কৰাহে পৰিলক্ষিত হ’ল বুলি উল্লেখ কৰাৰ লগতে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা ৰাজনীতি শীঘ্ৰেই বন্ধ কৰিবলৈয়ো প্ৰতিবাদস্থলীৰ পৰা সকীয়নী প্ৰদান কৰে৷অন্যহাতে ২০১৪ চনতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চুতীয়াকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা হ’ব বুলি এশ শতাংশ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু পৰিতাপৰ বিষয় যে দুবাৰকৈ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰা পাছতো জনজাতিকৰণ বিষয়টো সমাধানৰ দিশত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনজাতিকৰণৰ বাবে মন্ত্ৰীগোট গঠন কৰি দিয়া পাছতো মন্ত্ৰীগোটৰ প্ৰতিবেদন বৰ্তমানলৈকে কেন্দ্ৰলৈ প্ৰেৰণ নকৰা বিষয়টোৱে আচলতে জনজাতিকৰণৰ বাবে চৰকাৰৰ সদিচ্চা নাই বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতাদ্বয়ে৷ অতি শীঘ্ৰে চুতীয়াসকলকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে আগন্তুক দিনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে বুলি ছাত্ৰ সংগঠনটোৱে মত পোষণ কৰে৷