শিৱ প্ৰসাদ বুঢ়াগোহাঁই প্ৰয়াত

**************************

চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ বিশিষ্ট নাগৰিক, ক্ৰীড়া সংগঠক, বৰুৱা আলি পথৰ নিৱাসী শিৱ প্ৰসাদ বুঢ়াগোহাঁইৰ উচ্চ ৰক্তচাপ জনিত কাৰণত আজি পুৱা ডিব্ৰুগড় আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। পত্নী আৰু এগৰাকী কন্যা সহ পৰিয়ালৰ অন্যান্য সদস্য সকলক এৰিথৈ যোৱা চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ বেডমিণ্টন শাখাৰ প্ৰাক্তন সম্পাদক শিৱ প্ৰসাদ বুঢ়াগোহাঁইৰ মৃত্যুত জিলা ক্ৰীড়া সংস্থাই শোক প্ৰকাশ কৰি দুদিনৰ বাবে সন্থাৰ কাৰ্যালয়ত পতাকা অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেখেতৰ আকস্মিক বিয়োগত সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷