চিলাপথাৰৰ দৰিদ্ৰৰ পৰিয়ালৰ সন্তানে উপ পৰিদৰ্শকৰ চাকৰি লাভ কৰা বিক্ৰম হাজঙক ডিমৌ চিনিয়ৰ চেকেণ্ডাৰীৰ সম্বৰ্ধনা

চিলাপথাৰ, ২১ ছেপ্টেম্বৰঃ চেষ্টাৰ অসাধ্য একো নাই। এই আপ্তবাক্যশাৰী পুনৰ বাৰ সত্যত পৰিণত কৰালে চিলাপথাৰৰ এজন দুখীয়া পৰিয়ালৰ যুৱকে। সদ্যঘোষিত অসম আৰক্ষীৰ নিযুতি পৰীক্ষাত চিলাপথাৰ আঞ্চলৰ চিমেনমুখ পঞ্চায়তৰ ২ নং কাশীনাথ হাজং গাঁৱ নিবাসী সন্তোষ হাজং আৰু ললিতা হাজঙৰ পূত্ৰ বিক্ৰম হাজঙে লাভ কৰিলে অসম আৰক্ষী কামাণ্ডো বাহিনীৰ উপ পৰিদৰ্শকৰ চাকৰি। তীব্ৰ অৰ্থাভাৱৰ সত্বেও একাণপটীয়া মনোভাৱ আৰু নিজা প্ৰতিভাৰ বলত জিলিকি উঠিল মেধাৱী যুৱকজন। প্ৰতিভাৱান যুৱকজনৰ এই সফলতাত উৎফুল্লিত হৈ আনন্দোৎসৱ পাতিছে ৰাইজ শুভাকাংক্ষীয়ে। উল্লেখ্য যে যুৱকজনৰ সফলতাত আনন্দিত হৈ পৰিছে যুৱকজনে একাঁলত অধ্যয়ন কৰা ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ( ডিমৌ কলেজৰ) পৰিয়াল। উৎফুল্লিত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়া,পদ্মকান্ত দিনি,গোপাল ভূঞা,সত্যজিত চুংক্ৰাঙৰ নেতৃত্বত এক শিক্ষক কৰ্মচাৰীৰ দলে যুৱকজনক ঘৰলৈ গৈ সাক্ষাত কৰে। কঠোৰ অধ্যাৱসায় আৰু অনুশীলনৰ বাবে ইস্পিত সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা যুৱকজনক শিক্ষক কৰ্মচাৰী সকলে শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ উত্তৰো ত্তৰ উন্নতি কামনা কৰে। তেওঁৰ সফলতাই সমগ্ৰ অঞ্চলটোৰ লগতে একালত অধ্যয়ন কৰা শিক্ষানুষ্ঠান গৌৰৱান্বিত কৰা বুলি কয়। দলটোৱে শিক্ষানুষ্ঠানৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে যুৱকজনক সম্বৰ্ধনা জনায়।