অসম আৰক্ষীৰ কামাণ্ডোৰ উপপৰিদৰ্শক পদত মকৰল লাভ কৰা চিচিবৰগাওঁ উৎপল জীয়ামৰীয়াক সম্বৰ্ধনা স্থানীয় ৰাইজৰ

সদ্য ঘোষিত অসম আৰক্ষীৰ বাচনি পৰীক্ষাৰ ফলাফলত আৰক্ষী কামাণ্ডো বাহিনীৰ উপ-পৰিদৰ্শক হিচাপে মকৰল লাভ কৰিছে চিচিবৰগাঁৱৰ সমীপৰ ভেবেলি গাঁৱৰ উৎপল জীয়ামৰীয়াই । চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত তৰণিৰ কাম কৰি জীৱন নিৰ্বাহ কৰা ভেবেলি গাঁৱৰ খগেন জিয়ামৰীয়া আৰু লক্ষী জীয়ামৰীয়াৰ পুত্ৰ মেধা যুৱকজনে পূৰ্বে এই বছৰতে অনুষ্ঠিত কৰা অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ চাকৰিত মকৰল লাভ কৰিছিল আৰু হাইলাকণ্ডিত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল । উপ-পৰিদৰ্শক হিচাপে মকৰল লাভ কৰাৰ পিছত কালি নিশা যুৱকজন আহি ঘৰত উপস্থিত হোৱাৰ পিছতে সমগ্র অঞ্চলটোতে আনন্দৰ জোৱাৰ উঠে । বিগত ত্ৰিশটা বছৰে গাওঁখনৰ এজনো যুৱকে অসম আৰক্ষী অথবা সামৰিক বাহিনীত চাকৰি লাভ কৰা নাই । এইবাৰ উৎপলে উপ-পৰিদৰ্শকৰ চাকৰি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাওঁবাসী । আজি পুৱা গাঁওখনৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ নেতা উৎপলৰ ঘৰত উপস্থিত হৈ তেওঁৰ সফলতাৰ বাবে ফুলাম গামোচাৰে অভিনন্দন জনায় । অনুষ্ঠানত কেৰেকণি মাজগাঁৱৰ গাওঁবুঢ়া চন্দন জীয়ামৰীয়া, ৩ নং ভেবেলি ৱাৰ্ডৰ ৱাৰ্ড সদস্য জগত চুতীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক অনুপম চুতীয়া, বিজেপি দলৰ কাৰ্যকৰ্তাসকল, গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে অংশগ্ৰহণ কৰে ।