ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে তামুলপুৰৰ নাগ্ৰিজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা বৃহৎ খাদ্য মেলা। আজি বিভাগটোৰ আংগনবাদী কর্মী-সহায়কীয়া সকলৰ দ্বাৰা নাগ্ৰিজুলী ভিচিডিচি কাৰ্যালয়ত অনুষ্ঠিত হয় বিভিন্ন পুষ্টিকৰ খাদ্যৰ সম্ভাৰৰ এক প্ৰতিযোগিতা।পুৱা ফিতা কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বি টি আৰৰ এম চি এল য়ে হেমন্ত কুমাৰ ৰাভাই। ইয়াৰ পিছতে পিঠা-পনাৰ পৰা আৰম্ভ কৰি সেউজীয়া শাক-পাচলি,মাছ-মাংস কেঁচা সামগ্ৰী,ফল মূল আদিৰ সম্ভাৰে ভৰি পৰা কাৰ্যালয়টোৰ চৌপাশ। শিশু,গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে নাগ্ৰিজুলী সংহত শিশু উন্নয়ন প্রকল্প কাৰ্যালয়ৰ অধীনৰ দহটা অংগনবাদী কর্মী,সহায়কীয়াই থলুৱা ভাবে ঘৰতে খাদ্য প্ৰস্তুত কৰি আনি প্ৰদৰ্শন কৰাৰ লগতে শাক-পাচলিৰ দ্বাৰা প্রদর্শন কৰে এক আল্পনাঃও। উক্ত দহটা প্ৰদৰ্শনকাৰী দলৰ খাদ্য সম্ভাৰ আৰু আল্পনাঃ সমূহ নিৰীক্ষণ কৰে বি টি আৰৰ এম চি এলয়ে হেমন্ত কুমাৰ ৰাভা, খাটাৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডঃ মনোহৰ দাস, নাগ্ৰিজুলী খণ্ড উন্নয়নৰ সহকাৰী বিষয়াৰ লগতে মাতৃ বন্দনাৰ সমন্বয়ক সকলে।ইয়াৰ পিছতে নাগ্ৰিজুলী শিশু সংহত উন্নয়ন প্ৰকল্পৰ সহকাৰী বিষয়া জ্যোতিৰ্ময় বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় এক সজাগতামূলক সভা। নাগ্ৰিজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কাঞ্চন মজুমদাৰে সভাৰ উদ্দেশ্য বাখ্যা কৰি কয় যে ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই পোষণ মাহত ইতিমধ্যে আংগনবাদী কর্মী সকলে বিভিন্ন ঠাইত সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।পোষণ মাহৰ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা যাতে মাতৃ-আৰু শিশু সকলৰ বিভিন্ন ৰোগ যেনে পুষ্টিহীনতা আদিৰ পৰা ৰক্ষা পায় তাৰ বাবে আমি ফল-মূল,শাক পাচলি আদিৰ দ্বাৰা প্রদর্শন আদিৰ কাৰ্যসূচী লোৱা হৈছে। সজাগতা সভাত অংশ লোৱা বি টি আৰৰ এম চি এল য়ে হেমন্ত ৰাভাই আংগনবাদী-কর্মী সহায়কীয়া আৰু উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে-এগৰাকী মাতৃৰ সন্তান পেটত অহাৰ পৰাই আংগনবাদী কর্মী সকলৰ দায়িত্ব আহি পৰে।ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ 'ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে' ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। সমাজৰ প্ৰতিগৰাকী লোকেই যাতে পোষণ সম্পৰ্কে জ্ঞাত হব পাৰে তাৰ বাবে বহুত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।একেদৰে ৰাইজক সম্বোধন কৰি খাটাৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া মানোহৰ ৰাজবংশীয়ে কয় যে: আমাৰ সমাজত প্ৰচলিত কিছুমান অন্ধবিশ্বাসৰ ধাৰা এতিয়াও অব্যাহত আছে। এটি শিশু মাতৃৰ গৰ্ভত অহাৰ লগে লগেই ডাক্তৰ,আংগনবাদী কর্মী,আশা সকলৰ লগত যোগাযোগ কৰিব লাগে। এটি শিশুক সুস্থ ভাৱে জন্ম দিবলৈ মাতৃ গৰাকীয়ে বহুত যত্ন লোৱাৰ প্ৰয়োজন আছে। ১ ছেপ্টেম্বৰৰ মাহজোৰা পোষণ মাহ উপলক্ষে যিদৰে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী সমূহ ৰূপায়ন কৰিছে ইয়াৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ লোক সকলেও যাতে এই সন্দৰ্ভত বুজি লব পাৰে তাৰ বাবে আমি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব।সভাৰ অন্তত খাদ্য সম্ভাৰ নিৰীক্ষক কাৰী দলটোৱে তিনিটা দলক শ্ৰেষ্ঠ বুলি ঘোষণা কৰে আৰু পৰৱৰ্তী সময়ত তিনিওটা দলক পুৰস্কাৰ প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে।আজিৰ এই সভাতেই নাগ্ৰিজুলিৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া যুধিষ্ঠিৰ ব্ৰহ্ম, প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনাৰ জিলা সমন্বয়ক পল্লৱীতা দাস, সহকাৰী জিলা সমন্বয়ক নৱজিত হালৈ,মুখ্য সেৱিকা-পোষণ ষ্টাফ সহ স্থানীয় ভিচিডিচিৰ অধ্যক্ষ ভানু মজুমদাৰৰ লগতে শতাধিকৰো অধিক অংগনবাদী কর্মী-সহায়কীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indian Economy: PM Modi का सपना होगा सच, 2030 तक देश बनेगा तीसरी बड़ी इकोनॉमी | AI Anchor Sana
Indian Economy: PM Modi का सपना होगा सच, 2030 तक देश बनेगा तीसरी बड़ी इकोनॉमी | AI Anchor Sana
क्या BSP से इस्तीफा देने जा रही हैं Mayawati, बड़ा ऐलान हो गया | BSP
क्या BSP से इस्तीफा देने जा रही हैं Mayawati, बड़ा ऐलान हो गया | BSP
પોલીસ જાપ્તા માંથી ભાગેલ આરોપીને ગણતરીના દિવસોમાં પકડી લેતી પોલીસ
પોલીસ જાપ્તા માંથી ભાગેલ આરોપીને ગણતરીના દિવસોમાં પકડી લેતી પોલીસ
અપહરણ નાં ગુનામાં...
বোকাখাত খৰ্গৰ সৈতে গড় চিকাৰি আটক
বোকাখাত খৰ্গৰ সৈতে গড় চিকাৰি আটক
શહેરમાં વેચાતા પ્લાસ્ટિક થેલીઓ પર પ્રતિબંધ કોણ લાદશે ક્યારે લાગશે
શહેરમાં વેચાતા પ્લાસ્ટિક ની થેલીઓ પર પ્રતિબંધ કોણ લાદશે ક્યારે લાદશે. પ્રતિબંધિત પ્લાસ્ટિક...