কেৰেলালৈ বুলি ওলাই গৈ সন্ধানহীন হৈ আছে এজন ব্যক্তি। সন্ধানহীন  ব্যক্তিজন
গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং টেঙানিৰ বাসিন্দা চতিলাল ওৰাং। উল্লেখ্য যে  যোৱা ১৭ চেপ্তেম্বৰ তাৰিখে একে গাৱৰে যতীন বৰা ওৰফে তিন নামৰ যুৱক এজনে ৰেলযোগে কেৰেলালৈ বুলি কাম কৰিবলৈ লৈ  গৈছিল চতিলাল ওৰাঙক। কিন্তু পৰিয়ালৰ লোকে জনোৱা অনুসৰি তিন নামৰ যুৱক জনে ফোন কৰি ঘৰৰ মানুহক ৰেলত গৈ থকা অৱস্থাতে চতিলাল ওৰাঙৰ মানসিক ভাৰসাম্য হেৰাই বুলি জানিব দিয়ে। আৰু তাৰ পাছতেই উক্ত যুৱক জনে চতিলাল ওৰাঙৰ হাতত থকা সকলো নথি পত্ৰ আৰু টকা পইচা লৈ আন এটা ডবালৈ আঁতৰি যায়। ইপিনে আজিলৈকে সন্ধানহীন হৈ থকা চতিলাল ওৰাঙৰ কোনো শুংসুত্ৰ উলিয়াব নোৱাৰি বৰপথাৰ আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক। তিনি সন্তানৰ পিতৃ চতিলাল ওৰাঙক  কোনো লোকে দেখা পালে 
6001726380

নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।