বৰহাটৰ পঁইটাখাত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে ভুগিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ক্ষোভ প্ৰকাশ।

গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই ধাকঢ়োল নবজাক কিয়।কিন্ত বাস্তৱ ক্ষেত্ৰত গাওঁ সমূহত সম্পুৰ্ণ এখন ওলতা চবি প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। তেনে এখন গাওঁ হৈছে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ নাহৰপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত পঁইটাখাত ৰাইজে বহু বছৰ পৰা কুৱা, পুখুৰীৰ লেটেৰা, দুষিত,বিজাণু যুক্ত পানী খাই জীয়াই থাকিব লগা হৈছে।।যাৰ ফলত এই অঞ্চলৰ ৰাইজৰ সঘনে পেতৰ অসুখ হোৱা পৰিলক্ষিত হৈছে। অতি পৰিতাপৰ বিষয় যে জল জীৱন মিচনৰ অধীনত পঁইটাখাত খোৱা পানী যোগান আঁচনি খন উন্নতি কৰণৰ ব্যৱস্থা কৰা হৈছিল যদিও আজি পৰ্যন্ত পানী যোগান আঁচনি খন কাৰ্যক্ষম হৈ নুঠিল। যাৰ বাবে পঁইটাখাত ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে অচল হৈ থকা পঁইটাখাত পানী যোগান আঁচনি খন নিৰ্মাণ কৰিবৰ বাবে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী, বিধায়ক বহু বাৰ আবেদন-নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত অঞ্চলটোত পানী যোগান আঁচনি নিৰ্মাণ কৰি কাৰ্যক্ষম নকৰাত 

কৃষক মুক্তি সংগ্ৰাম সমিতি,বৰহাট নাহৰপুখুৰী আঞ্চলিক সমিতি সম্পাদক মহেন্দ্ৰ চেতিয়াই

  ক্ষোভ প্ৰকাশ কৰাৰ লগতে অচিৰেই পঁইটাখাত খোৱা পানী যোগান আঁচনি খন নিৰ্মাণ কৰি কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে।