টিংখাঙৰ এগৰাকী যুৱতীৰ কেইখনমান আলোকচিত্ৰই ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ টিংখাঙতে। এই ফটো কেইখন যুৱতী গৰাকীয়ে ফেচবুক বা চচিয়েল মিডিয়াত দিবলৈ তোলা ফটো নহয়। যুৱতী গৰাকীৰ জীৱন সংগ্ৰামৰ এইয়া এক বাস্তৱ জীয়া ছবি। ৫ গৰাকী কন্যাৰ ভিতৰত চাৰি নম্বৰ গৰাকীয়ে পিতৃ মাতৃক সকাহ দিবলৈ বাছি ললে কঠোৰ জীৱন সংগ্ৰামৰ এই পথ। শাওন মহীয়া পথাৰলৈ কান্ধত কঠিয়া নিয়া , আঘোণ মহীয়া পথাৰৰ পৰা কান্ধত বিৰিয়া লৈ ভঁৰাললৈ ধান চপোৱা আৰু প্ৰতি দেওবাৰে ভিতৰুৱা গাঁৱৰ পৰা বোকা পানীৰ বাট গচকি কেবাকিলোমিটাৰ নিলগৰ টিংখাঙৰ সাপ্তাহিক বজাৰলৈ নিজে খেতি কৰি উৎপাদিত শাক পাচলি বিক্ৰী কৰাটো যুৱতী গৰাকীৰ নিত্য নৈমিত্তিক কাৰ্য। অৱশেষত যুৱতী গৰাকীৰ লগতে পৰিয়ালটোলৈ আহিল ভাল খবৰটো। কঠিন জীৱন যুদ্ধত কেতিয়াও হাৰ মানিব নিবিচৰা যুৱতী গৰাকীয়ে লাভ কৰিলে অসম আৰক্ষীৰ কামাণ্ডু চাকৰি। এতিয়া পৰিয়ালটোৰ চকুত আনন্দৰ চকুলো। এইগৰাকী যুৱতীয়ে হৈছে টিংখাং সমষ্টি কুঁৱৰীগাওঁ গাওঁ পঞ্চায়ত অন্তাৰ্গত ১নং নামনি গড়গুৰী গাৱঁৱ নিবাসী চক্ৰ কোঁৱৰ আৰু সোনতৰা কোঁৱৰৰ কন্যা মায়াদেৱী কোঁৱৰ । মায়াদেৱীৰ এই সফলতাত উৎফুল্লিত সমগ্ৰ অঞ্চলটো ।