নুমলীগড়ৰ অসম বায়’ ৰিফাইনেৰীৰ মুখ্য প্ৰবেশদ্বাৰত ঠিকাদাৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

নুমলীগড় শোধনাগাৰ পঞ্চাশ শতাংশ আৰু ফিনলেণ্ডৰ চেমপলিছ্ অ’য়’ , মেচাৰ্ছ ফুৰটন পছিশ পছিশ শতাংশ অংশীদাৰীত্বৰে নুমলীগড়ৰ লেটেকুজান ৰজাবাৰীত নিৰ্মাণৰত অসম বায়’ ৰিফাইনেৰী প্ৰাইভেট লিমিটেড ( A B R P L ) ত সঘনাই বাদ প্ৰতিবাদে শোধনাগাৰটোৰ নিৰ্মান কাৰ্য ত্বৰান্বিত কৰাত বাধাৰ সৃষ্টি কৰিছে ৷ বুধবাৰেও স্থানীয় ঠিকাদাৰ সন্থাই বহিৰাগত বানচিল আৰু টোৱামেন ইঞ্জিনীয়াৰিং নামৰ দুই কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ৷ সময়মতে কোম্পানী দুটায়ে স্থানীয় ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াত শ্ৰমিক কৰ্মচাৰী সকলৰ নাজল নাথল অবস্থাৰ সৃষ্টি হৈছে ৷ অবশ্যে প্ৰতিবাদস্থলীত শোধনাগাৰৰ বিষয়া উপস্থিত হৈ দুদিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াত সাময়িকভাবে প্ৰতিবাদী কাৰ্যসুচীৰ সামৰণি মাৰে ৷ দুদিনৰ ভিতৰত এই দুই বহিৰাগত কোম্পানীয়ে ঠিকাদাৰ সকলৰ প্ৰাপ্য আদায় নিদিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ।