অৰাজনৈতিক মুহূৰ্তত অখিল গগৈ, গুৱাহাটীৰ পৰা দিল্লীলৈ ভ্ৰমণৰত অৱস্থাত অনুৰাগীৰ সৈতে উঠিলে ছেলফি

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈৰ অনুৰাগীৰ অভাৱ নহ'ল বিমানতো । বিমানত গগৈক দেখি অভিভূত হৈ পৰা বিমান কৰ্মচাৰীৰ সান্নিধ্যৰ মুহূৰ্তক গগৈয়ে নিজেও বিশেষ ৰূপে অভিহিত কৰে । Vistara দলটোৰ আতিথ্য অতিশয় শলাগনীয় । উত্তৰ পূৰ্বাঞ্চলৰ যুৱতীয়ে সঁচাকৈয়ে নিজৰ বৃত্তিত বাল কাম কৰি আছে । ধন্যবাদ শ্বানু, ৰেঞ্চ, কাজল, আৰতি আৰু নিখিলা ।