দুমুনিচকী ৰাজ্যিক চিকিৎসালয় ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব__এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপি ছিপাঝাৰ মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত ছিপাঝাৰ মণ্ডল বিজেপিৰ সহযোগত দৰং-কামৰূপ জিলাৰ সীমান্তত অৱস্থিত দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা অভিযানৰ অধীনত ৰোগীৰ মাজত ফলমুল বিতৰণ অনুষ্ঠানত উপস্থিত থাকি আজি এই মন্তব্য কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে ৷ এই অনুষ্ঠানত দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰী সকলক গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ৷ সাংসদ দিলীপ শইকীয়া,স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজৱংশীৰ উপৰিও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ দৰং জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আবু তালেব আহমেদ, ছিপাঝাৰ মণ্ডলৰ সভাপতি দীপক নাথ,

দুমুনিচকী গাঁও পঞ্চায়তৰ সভানেত্ৰী ছেলিমা বেগম, সমাজকৰ্মী মমতাজ আলী প্ৰমুখ্যে কেইবাগৰাকীও দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷