অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত আজি চৰাইদেউ জিলাৰ হিতাধিকাৰীসকলক উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এককালীন আৰ্থিক সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ কলেজিয়েট ফিল্ডত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সকলক ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত একাকালীন আৰ্থিক সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান কৰাৰ পিছতে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলাখনৰ ৭৫ গৰাকী হিতাধিকাৰীক এককালীন আৰ্থিক সাহায্যৰ অনুমোদন পত্ৰ প্ৰদান কৰে উপায়ুক্ত পল বৰুৱাই।
অনুষ্ঠানত উপায়ুক্ত পল বৰুৱাই কয় যে, ২০১৯ চনৰ ১ এপ্ৰিলৰ পিছত স্বামীৰ মৃত্যু হোৱা ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ মহিলা সকলক আৰ্থিক সকাহ দিয়াৰ অৰ্থে এই আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত জিলাখনৰ ৭৫ গৰাকী মহিলালৈ ২৫,০০০ টকাকৈ এই এককালীন সাহায্য আগবঢ়োৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, মহিলাসকলৰ বেংক একাউণ্টত পোনে পোনে এই ধনৰাশি জমা হ'ব।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদানৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাসে।
অনুষ্ঠানটিত জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, বিশিষ্ট সমাজকৰ্মী লক্ষীনাথ তাছা, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি-সভানেত্ৰী সকলৰ লগতে হিতাধিকাৰীসকল উপস্থিত থাকে।